অসম

assam

ETV Bharat / state

মুগা পালনেৰে সোণসেৰীয়া সপোন ৰচিছে এদল মহিলাই

অসমৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত সমাদৰ লাভ কৰা অসমৰ সোণোৱালী বস্ত্ৰৰ চাহিদা বৃদ্ধি পাই আহিছে । কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতেই ৰাজ্যৰ ৰেচম উদ্যোগলৈ এইসকলৰ দৰে এচাম কৰ্মোদ্যমী মহিলাই আনিছে এক আশাৰ বতৰা ৷ পুৰুষৰ সমানে সমানে মহিলাসকলেও হাতে হাতে ধনু-কাঁড়,বাটলু গুটি লৈ পুৱাৰ পৰা সন্ধিয়ালৈকে অন্তহীন ব্যস্ততাৰে সময় পাৰ কৰিছে মুগা চোমনিত ৷ কেৱল মুগা পালন কৰায়ে নহয়, মহিলা কেইগৰাকীয়ে নিজ প্ৰচেষ্টাতে তাঁতশালত ন ন বস্ত্ৰ তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আহিছে ৷

By

Published : May 21, 2021, 2:33 PM IST

Updated : May 21, 2021, 7:12 PM IST

মুগা পালনেৰে সোণসেৰীয়া সপোন ৰচিছে এদল মহিলাই
মুগা পালনেৰে সোণসেৰীয়া সপোন ৰচিছে এদল মহিলাই

নাওবৈচা, 21 মে':কৰ'ণা সৃষ্ট পৰিৱেশৰ মাজতে ঢকুৱাখানাৰ এদল কৰ্মোদ্যমী মহিলাই দেখিছে স্বাৱলম্বীতাৰ সপোন ৷ কৰ্মৰ জৰিয়তে পুৰুষৰ সমানে সমানে আগবাঢ়ি যোৱাৰ প্ৰৱল হেপাঁহ মহিলা কেইগৰাকীৰ ৷ সেয়েহে মুগা পালনকে জীৱিকাৰ উৎস হিচাপে লৈছে মহিলাৰ দলটোৱে ৷ প্ৰাচীন পুৰাতন পৰম্পৰাক জীয়াই ৰাখি স্বাৱলম্বীতাৰ দিশেৰে আগুৱাই যোৱাৰ সপোন দেখা এই মহিলা কেইগৰাকীয়ে নিজৰ পৰিয়ালৰ আৰ্থিক দিশটো টনকিয়াল কৰি গৈছে ৷ সোণালী সূতাৰ দেশ খ্যাত ঢকুৱাখনাৰ প্ৰায়বিলাক চোমনীতে সোণৰ দৰে জিলিকিব ধৰিছে শ শ মহিলাৰ সপোনবোৰ ৷ অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৃতিক দিশক বিশেষ স্থান দি অহা মুগা পালনে নকৈ উজ্জীৱিত কৰিছে ৰেচম বিপ্লৱক ৷

মুগা পালনেৰে সোণসেৰীয়া সপোন ৰচিছে এদল মহিলাই

কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতেই ৰাজ্যৰ ৰেচম উদ্যোগলৈ এইসকলৰ দৰে এচাম কৰ্মোদ্যমী মহিলাই আনিছে এক আশাৰ বতৰা ৷ পুৰুষৰ সমানে সমানে মহিলাসকলেও হাতে হাতে ধনু-কাঁড়,বাটলু গুটি লৈ পুৱাৰ পৰা সন্ধিয়ালৈকে অন্তহীন ব্যস্ততাৰে সময় পাৰ কৰিছে মুগা চোমনিত। কেৱল মুগা পালন কৰায়ে নহয়, মহিলা কেইগৰাকীয়ে নিজ প্ৰচেষ্টাতে তাঁতশালত ন ন বস্ত্ৰ তৈয়াৰ কৰি সেয়া বজাৰত বিক্ৰী কৰি আহিছে ৷

ৰাজ্যৰ ৰেচম বিভাগৰ আৰ্থিক সহায়-সহযোগিতা, দিহা-পৰামৰ্শৰ অবিহনেও মুগা পালনেৰে লাভাৱান্বিত হোৱাই নহয়, আত্ম নিৰ্ভৰশীলতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে কৰ্মোদ্যমী মহিলাৰ এই দলটোৱে ৷ চৰকাৰী আঁচনি তথা ৰেচম বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনে সহায়ৰ হাত আগবঢ়ালে এই মহিলাকেইগৰাকীয়ে চোমনী শিল্পক আগুৱাই লৈ যোৱাৰ লগতে অসমৰ অৰ্থনৈতিক অৱস্থাৰ দৃশ্যপটত সামান্য হলেও অৰিহনা যোগাব পাৰিব বুলিও ভিন্নজনে কৰিছে মত প্ৰকাশ ৷

লগতে পঢ়ক:কৃষকলৈ দুৰাৱস্থা মাতিছে ক’ভিডৰ নতুন নিৰ্দেশনাই

Last Updated : May 21, 2021, 7:12 PM IST

ABOUT THE AUTHOR

...view details