কোকৰাঝাৰ, 23 জুনঃকোকৰাঝাৰ ময়নাগুৰীত সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেশ্বনৰ ময়নাগুৰী আঞ্চলীক সমিতিৰ বীৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত চীনা সেনাৰ বৰ্বৰ আক্ৰমণত দেশমাতৃৰ হকে শ্বহীদ হোৱা ভাৰতৰ ২০ গৰাকীকৈ ভাৰতীয় সেনাই ৷ বীৰ শ্বহীদ সকললৈ সোমবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ কোকৰাঝাৰ জিলাৰ ময়নাগুৰী আঞ্চলীক সমিতিয়ে ৷ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ বিভিন্ন বিষয়-ববীয়াৰ উপস্থিতিত ময়নাগুৰীত সোমবাৰে সন্ধিয়া আয়োজিত এই অনুষ্ঠানত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ বিভিন্ন বিষয়-ববীয়াই ভাৰতীয় বীৰ শ্বহীদ জোৱানসকলৰ আত্মাৰ চিৰশান্তি কামনাৰে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি ১ মিনিট সময় মৌনপ্ৰাৰ্থনা অৱলম্বন কৰে ৷