কোকৰাঝাৰ, ১৯ জুন : এইবাৰ টিনপাত যোগানৰ নামত বিটিআৰৰ ভূমি, তথ্য আৰু জৰীপ বিভাগত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ঠিকাদাৰে বিভাগীয় সঞ্চালকৰ সৈতে মিলি টিনপাত যোগান নিদিয়াকৈ ৩ কোটি ৪৫ লাখ ৯৮ হেজাৰ ৯৬৭ টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে এই সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰুজু কৰাৰ কথাও জানিব পৰা হৈছে ৷
উক্ত এজাহাৰৰ ভিত্তিতে শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে কণিষ্ক নাৰ্জাৰী নামৰ ঠিকাদাৰজনক সোধপোছৰ বাবে আটক কৰে ৷ জানিব পৰা মতে, মনঞ্জয় দৈমাৰী নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে ঠিকাদাৰ কণিষ্ক নাৰ্জাৰীক আটক কৰি সোধপোছ আৰম্ভ কৰে ৷ তদুপৰি উক্ত কেলেংকাৰীৰ সৈতে বিটিআৰৰ ভূমি, তথ্য আৰু জৰীপ বিভাগৰ সঞ্চালক ধীৰাজ চাও জড়িত থকা বুলিও এজাহাৰত উল্লেখ কৰিছে অভিযোগকাৰী মনঞ্জয় দৈমাৰীয়ে ৷
ৰিলিফৰ টিনপাত যোগানৰ বাবে বিটিআৰৰ ভূমি, তথ্য আৰু যোগান বিভাগে ফাইল নং BTC/DM/(R)- 12/2021/147 আৰু Ref-BTC /DLR /100/2021/153 মৰ্মে ৩ কোটি ৪৫ লাখ ৯৮ হেজাৰ ৯৬৭ টকাৰ পুঁজি ৬ জুনত মোকলাই দিছিল ৷ টিনপাত যোগানৰ নামত উক্ত বৃহৎ টকা মোকোলাই দিয়া হৈছিল যদিও টিনপাত কিন্তু যোগান ধৰা হোৱা নাছিল ।
আনহাতে পুঁজি আৱন্টনৰ পাছত ৮ জুনত টিনপাত যোগানৰ সমুদায় ধন ঠিকাদাৰ কণিষ্ক নাৰ্জাৰীৰ বেংক একাউন্টত ট্ৰেন্সফাৰ কৰা হৈছিল । ঠিকাদাৰে কোনো ধৰণৰ সামগ্ৰী যোগান নধৰি এক বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি সমুদায় টকা আত্মসাৎ কৰাৰ সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত মনঞ্জয় দৈমাৰীয়ে কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ বিটিআৰৰ ভূমি, তথ্য আৰু জৰীপ বিভাগৰ সঞ্চালক ধীৰাজ চাওৱে উক্ত দুৰ্নীতিৰ ফাইল গাপ দি ৰাখিছে বুলিও এজাহাৰত উল্লেখ কৰিছে অভিযোগকাৰীয়ে ৷