অসম

assam

ETV Bharat / state

অসমৰ মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণঃ বলেন বৈশ্য

অসমক মৌলবাদী আৰু জেহাদীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ হ'লে অসমৰ সকলো মাদ্ৰাছাৰ নামত চলা শিক্ষানুষ্ঠান নিষিদ্ধ কৰাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৷

By

Published : Mar 30, 2019, 11:06 PM IST

অসমৰ মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণ

কোকৰাঝাৰ,30 মাৰ্চ :"অসমত 33 হাজাৰ মাদ্ৰাছা স্কুলত কণ-কণ ল'ৰা-ছোৱালীক ধৰ্মৰ নামত জেহাদীৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু আগন্তুক 20/25 বছৰত অসম কাশ্মীৰত পৰিণত হ'বলৈ গৈ আছে ৷ " এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ সভাপতি বলেন বৈশ্যৰ ৷


শনিবাৰে কোকৰাঝাৰৰ মাৰোৱাৰী ভৱনত অনুষ্ঠিত হয় হিন্দু যুৱ ছাত্ৰ পৰিষদৰ এক সংবাদমেল ৷ সংবাদমেলত অসমত জেহাদীৰ উত্থানক লৈ শংকিত হৈ অসমক কাশ্মীৰত পৰিণত কৰিবলৈ কোনোপধ্যে দিয়া নহ'ব বুলি হুংকাৰ দিয়ে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই ৷ লগতে অসমক মৌলবাদী আৰু জেহাদীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ হ'লে অসমৰ সকলো মাদ্ৰাছাৰ নামত চলা শিক্ষানুষ্ঠান নিষিদ্ধ কৰাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৷ কেৱল ইমানেই নহয়, অসমীয়া ভাষাৰ অস্তিত্বত গাঁৱে-ভূঞে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে ভাবুকি সৃষ্টি কৰা বুলি উল্লেখ কৰি চৰকাৰক নাকী লগোৱাৰ বাবেও দাবী তোলে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷

অসমৰ মাদ্ৰাছাত জেহাদীৰ প্ৰশিক্ষণ

সংবাদমেলত পূৰ্ববংগীয় মুছলমানৰ জন্ম নিয়ন্ত্ৰণ আৰু মুছলমানসকলৰ বহুবিবাহ শ্বৰিয়ত আইনে অসমত জনসংখ্যা বিস্ফোৰণৰ ভাবুকি সৃষ্টি কৰাৰ দোহাই দি চৰকাৰক কঠোৰতম প্ৰতিৰোধ ব্যৱস্থা কৰাৰ দাবী তোলে সভাপতিগৰাকীয়ে ৷ এইক্ষেত্ৰত অসমখন ত্ৰিপুৰা নহয় অহা 20/25 বছৰত কাশ্মীৰ হ'বলৈ গৈ আছে বুলিও চাঞ্চল্যকৰ অভিযোগ তোলে সভাপতিগৰাকীয়ে ৷ সেয়েহে সংবাদমেলত দেশত হিন্দুত্ব ৰক্ষাৰ বাবে এখন যোগাত্মক দৃষ্টিভংগীৰ চৰকাৰ গঠন হোৱাটো প্ৰয়োজন বুলি কয় বলেন বৈশ্যই ৷ সেয়েহে পুনৰবাৰ হিন্দুত্ব ৰক্ষাৰ বাবে নৰেন্দ্ৰ মোডীয়েই প্ৰধানমন্ত্ৰী হিচাপে কাম্য বুলি মন্তব্য কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ সভাপতি বৈশ্যই ৷

ABOUT THE AUTHOR

...view details