অসম

assam

সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক

By

Published : Jan 23, 2021, 10:51 PM IST

কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ বজাৰ দুৰ্গা মন্দিৰ প্ৰাংগনতো শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উৎসৱ উদযাপন কৰা হয় ৷

সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক
সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক

কোকৰাঝাৰ ২৩ জানুৱাৰী :সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰো ভিন্ন প্ৰান্তত শনিবাৰে উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 সংখ্যক জন্ম জয়ন্তী ৷ জিলা খনৰ ছালাকাটিৰ বজাৰ দুৰ্গা মন্দিৰ প্ৰাংগনতো নেতাজীৰ জন্ম জয়ন্তী উদযাপন কৰা হয় ৷

সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক

বিটিআৰ বেংগলী যুৱ ছাত্ৰ পৰিষদৰ ছালাকাটি আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপিত হোৱা নেতাজীৰ জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচী অনুসৰি পুৱা 9:30 বজাত জাতীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত ভাস্কৰজ্যোতি ফুকনে ৷ 9:45 বজাত সাংগঠনিক পতাকা উত্তোলন কৰে পৰিষদৰ ছালাকাটি আঞ্চলিক সমিতিৰ সভাপতি বাবুল দেবনাথে ৷ 10 বজাত শ্বহীদ তৰ্পন আৰু 10:30 বজাত নেতাজীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক

পুৱা 11 বজাৰ পৰা স্কুলীয়া ছাত্ৰ - ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযহগিতা অনুষ্ঠিত হয় ৷ ইয়াৰ মাজতে ছালাকাটিত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজ গোপাল সৰকাৰে ৷

সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক

বিয়লী এক বজাত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া জয়পাল ব্ৰহ্মই ৷ বিয়লী দুই বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা৷ সূজন দেবনাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিটিআৰ বেংগলী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি মণ্টু দেকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি নেতাজীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়াই ৷ নেতাজীৰ জন্ম জয়ন্তীৰ দিনজোৰা কাৰ্যসূচীত স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক

লগতে পঢ়ক:বঙাইগাঁৱত ফণীভূষণ চৌধুৰীয়ে বিতৰণ কৰিলে ভূমি পট্টা

ABOUT THE AUTHOR

...view details