অসম

assam

ETV Bharat / state

Murder case in Kokrajhar: কৰ্তব্য শেষ কৰি ঘূৰি অহাৰ পথতে বাসুদেৱক হানি-খুচি হত্যা

কোকৰাঝাৰ জিলাৰ আমগুৰিত এজন গৃহৰক্ষী জোৱানাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ জোৱানজনক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷

By

Published : Jul 31, 2023, 8:20 PM IST

Murder case in KokrajharPolice jawan stabbed to death
কৰ্তব্য শেষ কৰি ঘূৰি অহাৰ পথতে বাসুদেৱক হানি-খুচি হত্যা!

কোকৰাঝাৰ, ৩১ জুলাই : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ কোকৰাঝাৰ জিলাৰ আমগুৰিত এজন গৃহৰক্ষী জোৱানাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ জোৱানজনক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ বুলি দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ হত্যাকাণ্ডতৰে জড়িতক উচিত শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ ৷

কোকৰাঝাৰ জিলাৰ আমগুৰিৰ দাবলেগাঁৱত গৃহৰক্ষী জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ দেওবাৰে নিশা দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গৃহৰক্ষী জোৱানক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷ গৃহৰক্ষী জোৱানজন বাসুদেৱ কিস্কু বুলি জানিব পৰা গৈছে ৷ মৃত জোৱান বাসুদেৱ কিস্কুৰ ঘৰ চিৰাং জিলাৰ গুৰুভাষা ৰাবনঘাট গাঁৱত ৷

জানিব পৰা মতে বাসুদেৱ কিস্কু চিৰাং জিলাৰ বেংতল আৰক্ষী চকীত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত আছিল ৷ ঘটনাৰ দিনা অৰ্থাৎ 30 জুলাইত কৰ্তব্য সমাপন কৰি নিজ ঘৰলৈ আহি আছিল বাসুদেৱ কিস্কুৱে ৷ কিন্তু ৰহস্যজনকভাৱে নিশা কোকৰাঝাৰ আমগুৰিৰ দাবলেগাঁৱত বাসুদেৱৰ মৃতদেহ উদ্ধাৰ হয় ৷ জোৱানজনে আহি থকা অৱস্থাত মটৰচাইকেল ৰখাই দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷ বাসুদেৱ কিস্কুক কোনে কি কাৰণত হত্যা কৰিলে সেই জানিব পৰা হোৱা নাই ৷

ইপিনে পৰিয়াল তথা স্থানীয় ৰাইজে দাবী কৰা অনুসৰি এয়া পৰিকল্পিত হত্যাকাণ্ড ৷ হত্যাকাণ্ডৰে জড়িতক উচিত শাস্তিৰ দাবী ভুক্তভোগীৰ পৰিয়ালে । ইতিমধ্যে জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ পৰিয়ালৰ লোকে কোকৰাঝাৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Snatchers terror : নলবাৰী চহৰৰ দুটাকৈ স্থানত চিলনী চোৰৰ সন্ত্ৰাস, আটক এটা চোৰ

ABOUT THE AUTHOR

...view details