অসম

assam

ETV Bharat / state

বানে উটুৱাই নিলে বিদ্যালয়ৰ বাসগৃহ, মুকলি আকাশৰ তলতে পাঠদান

গ্ৰীষ্ম বন্ধৰ অন্তত 1 আগষ্টৰ পৰা বিদ্যালয় সমূহত পুনৰ আৰম্ভ হৈছে ৷ কিন্তু বান বিধ্বস্ত অঞ্চল সমূহত পাঠদান সম্ভৱ হৈ থকা নাই ৷ বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ ফালুগুৰি নয়াপাৰা প্ৰাথমিক বিদ্যালয়খনৰ বাসগৃহ বানত উটি যোৱাৰ ফলত মুকলি আকাশৰ তলতে পাঠদান কৰিবলৈ বাধ্য হৈছে শিক্ষক ৷

By

Published : Aug 2, 2019, 11:52 PM IST

বানে উটুৱাই নিলে বিদ্যালয়ৰ বাসগৃহ, মুকলি আকাশৰ তলত পাঠদান


কোকৰাঝাৰ, 2 আগষ্টঃ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত ফালুগুৰি নয়াপাৰা প্ৰাথমিক বিদ্যালয়খন যোৱা 23 জুলাইত গঙিয়া নৈৰ ভয়াবহ বানে উটুৱাই নিয়ে । ইয়াৰ ফলত এতিয়া গ্ৰীষ্ম বন্ধৰ অন্তত পুনৰ পাঠদান সম্ভৱ হৈ থকা নাই বিদ্যালয় খনত ৷ 46 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ বাসগৃহ বানত উটি যোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰা মুকলি আকাশৰ তলতে পাঠদান দিবলৈ বাধ্য হৈছে শিক্ষক সকল ৷ এনে পৰিস্থিতিত বিদ্যালয়খনৰ বাসগৃহ পুনৰ নিমাৰ্ণৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বানে উটুৱাই নিলে বিদ্যালয়ৰ বাসগৃহ, মুকলি আকাশৰ তলত পাঠদান

ABOUT THE AUTHOR

...view details