অসম

assam

বিটিএডিত সদৌ বি টি এ ডি প্ৰাথমিক টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল

বিটিএডিত ২০১৬ চনতে শিক্ষকৰ নিযুক্তি বন্ধ ৰখা খালী পদবোৰ শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী সদৌ বি টি এ ডি প্ৰাথমিক টেট ২০১৯ উত্তীৰ্ণ সন্থাৰ ৷

By

Published : Jul 4, 2020, 8:57 AM IST

Published : Jul 4, 2020, 8:57 AM IST

Updated : Jul 4, 2020, 9:11 AM IST

বিটিএডিত সদৌ বি টি এ ডি প্ৰাথমিক টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল
বিটিএডিত সদৌ বি টি এ ডি প্ৰাথমিক টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল

কোকৰাঝাৰ ৩ জুলাই ঃবিটিএডি অঞ্চলৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় সমুহত খালীহৈ থকা শিক্ষক শিক্ষয়ত্ৰীৰ পদবোৰ পূৰণৰ বাৱে অচিৰে নিযুক্তিৰ ব্যৱস্থা গ্ৰহণৰ বাবে অসম চৰকাৰক দাবী তুলিছে সদৌ বি টি এ ডি প্ৰাথমিক টেট ২০১৯ উত্তীৰ্ণ সন্থাই ৷

বিটিএডিত সদৌ বি টি এ ডি প্ৰাথমিক টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল
শুকুৰবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত সদৌ বি টি এ ডি প্ৰাথমিক এ’টেট ২০১৯ উত্তীৰ্ণ সন্থাৰ সভাপতি সম্পাদক ক্ৰমে তন্ময় চৌধুৰী আৰু দাওহাৰু নাৰ্জাৰীয়ে অসমৰ শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায় কয় যে যোৱা ২০১৯ চনৰ নৱেম্বৰ মাহতে হৈ যোৱা অসম টেট পৰীক্ষাত মুঠ ৩৪২১০ প্ৰাৰ্থীয়ে প্ৰাথমিক আৰু মজলীয়াৰ বাৱে উত্তীৰ্ণ হৈছিল যদিও তাৰে বি টি এ ডিৰ পৰা দুই হেজাৰতকেও অধিক বডো,অসমীয়া,হিন্দী আৰু বেংগলী মাধ্যমৰ প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। কিন্তু অসম চৰকাৰে ৯৬৩৫ প্ৰাৰ্থীক বিজ্ঞাপনৰ জৰিয়তে নিযুক্তি দিছিল যদিও বি টি এ ডিত ২০১৬ চনৰ পৰা নিযুক্তি বন্ধ ৰখাত হেজাৰ হেজাৰ টেট উত্তীৰ্ণ নিৱনুবা যুৱক যুৱতী নিযুক্তি বিনে হাবু ডুবু খাব লগা হৈছে । এনেক্ষেত্ৰত অসম চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো আজিলৈ বিটিএডিত নিযুক্তি লাভ নকৰাত সৰৱ হৈ উঠিছে টেট উত্তীৰ্ণ শিক্ষক সকলে। গতিকে বি টি এ ডিৰ চাৰিখন জিলাৰ শিক্ষানুষ্ঠান সমূহত খালী হৈ থকা পদ সমূহত নিযুক্তিৰ ব্যৱস্থা ল'বলৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু বি টি চি শাসন চলাই থকা ৰাজ্যপাল জগদীশ মুখীলৈ আহ্বান জনাইছে সদৌ বি টি এ ডি প্ৰাথমিক অসম টেট ২০১৯ উত্তীৰ্ণ সন্থাই ৷ অন্যথা চৰকাৰে যদি সঁহাৰি নজনাই তেন্তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদত নামিবলৈ বাধ্য হ'ব বুলি হংকাৰ দিয়ে টেট উত্তীৰ্ণ সন্থাই ৷
Last Updated : Jul 4, 2020, 9:11 AM IST

ABOUT THE AUTHOR

...view details