অসম

assam

ETV Bharat / state

ব্যৱসায়ৰ দ্বাৰা স্ব-নিৰ্ভৰশীল প্ৰাক্তন উগ্ৰপন্থী নেতা

চৰকাৰী সাহাৰ্য্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই ব্যৱসায়ত নামি পৰিছে এছ.টি.এফ ৰ প্ৰাক্তন সেনাধ্যক্ষ উইলছন কিস্কু ওৰফে ছিধু কিস্কুই ৷ গোসাঁইগাঁও মহকুমাৰ ৰেষ্টেকপুৰৰ ৩১ নং ‘চি’ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন ধাবা খুলি স্ব-নিৰ্ভৰ হোৱাৰ চেষ্টাত অৱতীৰ্ণ হৈছে সংগঠনটোৰ প্ৰাক্তন সেনাধ্যক্ষগৰাকী ৷

By

Published : Oct 4, 2020, 10:03 AM IST

Ex STF leader has become self employed by restaurant business
ব্যৱসায়ৰ দ্বাৰা স্ব-নিৰ্ভৰশীল প্ৰাক্তন উগ্ৰপন্থী নেতা

কোকৰাঝাৰ, 4 অক্টোবৰঃ চাওতাল সকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে দীৰ্ঘদিন গণতান্ত্ৰিক আন্দোলন চলাইছিল চাওতাল টাইগাৰ ফৰ্চ নামৰ সশস্ত্ৰ সংগঠনটোৱে ৷ অৱশেষত চৰকাৰৰ আহ্বানমৰ্মে অস্ত্ৰ বিৰতি লৈ সংগঠনটোৰ সদস্যসকলে শান্তি আলোচনা অব্যাহত ৰাখিছে যদিও এইসকল প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ যাৰ বাবে বহু সদস্যই তীব্ৰ আৰ্থিক সংকটত ভূগিবলগীয়া হৈছে ৷

ব্যৱসায়ৰ দ্বাৰা স্ব-নিৰ্ভৰশীল প্ৰাক্তন উগ্ৰপন্থী নেতা

এই সময়তেই চৰকাৰী সাহাৰ্য্যৰ ওপৰত নিৰ্ভৰ নাথাকি নিজেই ব্যৱসায়ত নামি পৰিছে এছ.টি.এফৰ প্ৰাক্তন সেনাধ্যক্ষ উইলছন কিস্কু ওৰফে ছিধু কিস্কুই ৷ গোসাঁইগাঁও মহকুমাৰ ৰেষ্টেকপুৰৰ ৩১ নং ‘চি’ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন ধাবা খুলি স্ব-নিৰ্ভৰ হোৱাৰ চেষ্টাত অৱতীৰ্ণ হৈছে প্ৰাক্তন সেনাধ্যক্ষগৰাকী ৷ শনিবাৰে 'প্ৰিন্স-প্ৰিন্সেছ' নামৰ ধাবাখনৰ শুভ উদ্বোধন কৰা হয় ৷ নিজৰ সতীৰ্থ তথা যুৱ প্ৰজন্মক চৰকাৰী সুবিধাৰ বাবে অপেক্ষা কৰাৰ বিপৰীতে বিভিন্ন ব্যৱসায়ৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবে আহ্বান জনায় উইলছন কিস্কুই ৷

লগতে পঢ়ক-হাথৰছ কাণ্ডক লৈ মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details