অসম

assam

COVID-১৯ত আক্ৰান্ত কোকৰাঝাৰৰ CITৰ ৫ গৰাকী ছাত্ৰ

By

Published : Feb 24, 2021, 8:26 PM IST

কোকৰাঝাৰৰ চেন্ট্ৰেল ইনষ্টিটিউট অৱ টেকন'ল'জিত কৰ'ণাতংক । শিক্ষানুষ্ঠানখনৰ ৫ গৰাকী ছাত্ৰৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । চেন্ট্ৰেল ইনষ্টিটিউট অৱ টেকন'ল'জিক কন্টেইনমেন্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ ।

কোকৰাঝাৰৰ CITক কন্টেইনমেন্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ
কোকৰাঝাৰৰ CITক কন্টেইনমেন্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ

কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী: ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে COVID-১৯ত আক্ৰান্তৰ সংখ্যা । এইবাৰ কৰ'ণা মহামাৰীৰ কবলত পৰিল কোকৰাঝাৰস্থিত চেন্ট্ৰেল ইনষ্টিটিউট অৱ টেকন'ল'জিৰ ৫ গৰাকী ছাত্ৰ । নতুনকৈ মহামাৰীত আক্ৰান্তৰ ঘটনা সম্পৰ্কে বুধবাৰে জিলা উপায়ুক্ত ভাস্কৰ ফুকনৰ লগতে স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে যে, আক্ৰান্ত পাঁচ গৰাকী ছাত্ৰই কোকৰাঝাৰৰ নাতিদূৰৈৰ বালাজানস্থিত চেন্ট্ৰেল ইনষ্টিটিউট অৱ টেকন'ল'জিত অধ্যয়নৰত ৷

কোকৰাঝাৰৰ CITক কন্টেইনমেন্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ

আক্ৰান্ত ছাত্ৰ কেইগৰাকী ক্ৰমে গুৱাহাটীৰ জ্যোতিস্মান ৰাজ কুমাৰ (২৪) শিৱসাগৰৰ মানস প্ৰতীম শইকীয়া (১৯) কোচবিহাৰৰ সুৰজিত ঘোষ (১৯), আগৰতলাৰ ৰাহুল সাহা (২০) আৰু শ্বিলঙৰ মেছান্দ্ৰ শ্বিনলে (২০) বুলি চিনাক্ত কৰা হৈছে ৷ সম্প্ৰতি আৰএনবি অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালত আক্ৰান্ত ছাত্ৰ কেইগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে, মাৰাত্মক COVID-১৯ৰ দ্বাৰা চেন্ট্ৰেল ইনষ্টিটিউট অৱ টেকন'ল'জিৰ পাঁচ জন ছাত্ৰ আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতে জিলা প্ৰশাসনে শিক্ষানুষ্ঠানখন কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি শিক্ষানুষ্ঠান চৌহদত যানবাহনৰ প্ৰৱেশৰ লগতে সকলো ধৰণৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৷ ছাত্ৰকেইগৰাকী আক্ৰান্ত হোৱাৰ বাতৰিয়ে এতিয়া জিলাখনৰ নাগৰিক সকলক পুনৰ শংকিত কৰি তুলিছে ।

লগতে পঢ়ক:আৰক্ষীক চৰিওৱা বিজেপি নেত্ৰীলৈ চৰকাৰৰ ৰঙা দলিচা

ABOUT THE AUTHOR

...view details