অসম

assam

ETV Bharat / state

কোকৰাঝাৰত অবৈধ নিযুক্তিৰ বিৰুদ্ধে ইউপিপিএল দলৰ গোচৰ ৰুজু

কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী নেৰ্তৃত্বাধীন তদানীন্তন বিপিএফ চৰকাৰৰ বিৰুদ্ধে ইউপিপিএলৰ গোচৰ । গোচৰ ৰজু হোৱাৰ পিছতে বিষয়টো তদন্ত কৰিবলৈ বিটিএডিৰ আইজিপিৰ নিৰ্দেশমৰ্মে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মুকুট ৰাভাক দায়িত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে ।

Case File UPPL Against Illegal Appointment BTC Govt At Kokrajhar
কোকৰাঝাৰত অবৈধ নিযুক্তিৰ বিৰুদ্ধে ইউপিপিএল দলৰ গোচৰ ৰুজু

By

Published : Jun 7, 2020, 5:42 PM IST

কোকৰাঝাৰ, 7জুনঃহাগ্ৰামা মহিলাৰী নেৰ্তৃত্বাধীন বিপিএফ চৰকাৰে বিভিন্ন বিভাগত দিয়া অবৈধ নিযুক্তিৰ বিৰুদ্ধে ইউপিপিএল দলে গোচৰ ৰুজু কৰে । কোকৰাঝাৰ সদৰ থানাত উক্ত ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ইউপিপিএল দলৰ সদস্যসকলে ৷ কোকৰাঝাৰ সদৰ থানাৰ সন্মুখত ইউপিপিএল দলৰ কেন্দ্ৰীয় কাৰ্যকাৰী সমিতিৰ সদস্য পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে ৰুজু কৰা গোচৰটোক সবিশেষ বৰ্ণনা কৰি কয় যে, নিযুক্তিৰ নামত সংঘটিত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে ইউপিপিএল দলে ন্যায় বিচাৰি কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি), ৪০৬ / ৪২০ / ৪০৯ অধীনত এক গোচৰ (নং ২৯২/২০২০)ৰজু কৰিছে ।

উক্ত গোচৰত হাগ্ৰামা মহিলাৰীকে ধৰি বিটিচিৰ সংশ্লিষ্ট সকলো বিভাগৰ কাৰ্যবাহী সদস্য, অতিৰিক্ত প্ৰধান সচিব, যুটীয়া সচিব, উপ সচিব, সঞ্চালক, সহ সঞ্চালক, যুটীয়া সঞ্চালক আৰু দুৰ্নীতিৰে নিযুক্তি প্ৰাপ্ত সকলো সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্যে চেন্ট্ৰেল চিলেকচন বৰ্ডৰ অধ্যক্ষ ৰাজেন্দ্ৰ নাথ ব্ৰহ্মই নিযুক্তিৰ বিষয়ে একো নাজানো বুলি কোৱা ভাষ্যতেই সকলো পোহৰলৈ অহা বুলি পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে হাগ্ৰামা মহিলাৰীক তীব্ৰ কটাক্ষ কৰে ৷

অবৈধ নিযুক্তিৰ বিৰুদ্ধে ইউপিপিএল দলৰ গোচৰ ৰুজু

তাৰোপৰি, অতি শীঘ্ৰে বিভিন্ন বিভাগত দিয়া অবৈধ নিযুক্তি বাতিল কৰাৰ দাবীত ক্ষীপ্ৰ তদন্ত দাবী কৰিছে ইউপিপিএল দলৰ সদস্য সকলে । হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰজু হোৱাৰ পিছতে বিষয়টো তদন্ত কৰিবলৈ বিটিএডিৰ আইজিপিৰ নিৰ্দেশমৰ্মে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মুকুট ৰাভাক দায়িত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে । ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত অবৈধ নিযুক্তিৰ বিৰুদ্ধে গোচৰ তৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিটিচি এলেকাত ৷

লগতে পঢ়ক-বিপিএফ দলত মেৰুবিভাজন ঘটিছে, মই এতিয়া বি পি এফ দলত নাইঃ বিধায়ক ইমানুৱেল মুছাহাৰী

ABOUT THE AUTHOR

...view details