অসম

assam

By

Published : Apr 21, 2021, 12:11 PM IST

ETV Bharat / state

মহাজোঁটৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙকলৈ নাটকহে কৰি আছে : প্ৰমোদ বড়ো

বিটিআৰৰ মুখ্যকাৰ্যবাহী প্ৰমোদ বড়োৱে মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, আগন্তুক চৰকাৰখন বিজেপি মিত্ৰজোঁটৰে হ'ব, ইয়াত কোনো সন্দেহ নাই ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙকলৈ নাটকহে কৰি আছে ৷ বিভিন্ন ঠাইত ফুৰিবলৈ যোৱা প্ৰাৰ্থীসকলে উভতাৰ সময়ত লগত ক'ৰণাহে লৈ আহিব

মহাজোঁটৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙকলৈ নাটকহে কৰি আছে: প্ৰমোদ বড়ো
মহাজোঁটৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙকলৈ নাটকহে কৰি আছে: প্ৰমোদ বড়ো

কোকৰাঝাৰ, 21 এপ্ৰিল :ৰাজ্যতআগন্তুক চৰকাৰখন বিজেপি মিত্ৰজোঁটৰে হ'ব, ইয়াত কোনো সন্দেহ নাই ৷ এই মন্তব্য বিটিআৰৰ মুখ্যকাৰ্যবাহী প্ৰমোদ বড়োৰ ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত বিটিআৰৰ আটাইকেইখন আসনেই ইউপিপিএল আৰু বিজেপিয়ে দখল কৰিব বুলিও মন্তব্য কৰিলে ৷ অসমবাসী ৰাইজে এক শক্তিশালী চৰকাৰ লোভ কৰাৰ লগতে বিগত পাঁচ বছৰত ৰাজ্যৰ সামগ্ৰিক বিকাশ, শান্তি আৰু নিৰাপত্তাৰ হকে যি পদক্ষেপ গ্ৰহণ কৰিলে তাতকৈয়ো ভাল অনুশাসনৰ চৰকাৰ লাভ বুলিও সদৰি কৰিলে মুখ্যকাৰ্যবাহী গৰাকীয়ে ৷

মহাজোঁটৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙকলৈ নাটকহে কৰি আছে: প্ৰমোদ বড়ো

আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙকলৈ নাটকহে কৰি আছে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে কয়, এই নাটক 2 মে'লৈকেহে চলিব ৷ এই নাটক কৰি বিভিন্ন ঠাইত ফুৰিবলৈ যোৱা প্ৰাৰ্থীসকলে উভতাৰ সময়ত লগত ক'ৰণাহে লৈ আহিব ৷

লগতে পঢ়ক: কৰ’ণা ভাইৰাছত আক্ৰান্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details