অসম

assam

ETV Bharat / state

কোকৰাঝাৰত ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা আৰম্ভ

কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত বৃহস্পতিবাৰৰ পৰা 14 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলাত হাৰিয়ানা,ৰাজস্থান,উত্তৰপ্ৰদেশ,ছত্তিশগড়,জন্মু-কাশ্মীৰৰ বিপনীৰ অংশগ্ৰহণ ৷

BV XCBF

By

Published : Mar 14, 2019, 9:13 PM IST

কোকৰাঝাৰ ১৪ মাৰ্চ : বিটিচি সদৰ কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত বৃহস্পতিবাৰৰ পৰা ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা । বিটিচিৰ বাওখুগ্ৰী সমষ্টিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন এম ৰানা পাটগিৰিয়ে ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলাত ৰাজ্যখনৰ লগতে দেশৰ হাৰিয়ানা,ৰাজস্থান,উত্তৰপ্ৰদেশ,চত্তিশগৰ,জন্মু-কাশ্মীৰকে ধৰি বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ লোৱাৰ কথা সদৰী কৰি মেলাখনৰ জৰিয়তে প্ৰায় এক কোটি আশী লাখ টকা বিক্ৰী হ’ব বুলি আশা ব্যক্ত কৰে । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিটিচিৰ সচিব প্ৰধান বীৰেন চন্দ্ৰ ফুকন,বিটিচিৰ হস্ততাঁত বস্ত্ৰবিভাগৰ চি এইচ ডি দিবাকৰ গোস্বামী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰীৰ উপৰিও কলকাতাৰ প্ৰখ্যাত এংকৰ তথা কমেডিয়ান শ্ৰী ৰায় সাগৰ আৰু মিচ সুৰভি উপস্থিত আছিল ৷

ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰমেলা আৰম্ভ

ABOUT THE AUTHOR

...view details