অসম

assam

ETV Bharat / state

ব্যতিক্ৰমী প্ৰচেষ্টাৰে কোকৰাঝাৰত নৱবৰ্ষ উদযাপন

ব্যতিক্ৰমী প্ৰচেষ্টাৰে বসন্ত আৰু অসমীয়া নৱবৰ্ষ উদযাপন কৰা হয় কোকৰাঝাৰত ৷ নতুন খোজ আলোচনী গোষ্ঠীৰ উদ্যোগত ফকিৰাগ্ৰামৰ ফৰেষ্ট ডিপোত দেওবাৰে অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

By

Published : Apr 18, 2021, 10:53 PM IST

Basanta - New Year Celebration
ব্যতিক্ৰমী প্ৰচেষ্টাৰে কোকৰাঝাৰত বসন্ত আৰু অসমীয়া নৱবৰ্ষ উদযাপন

কোকৰাঝাৰ,১৮ এপ্ৰিল: কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত দেওবাৰে কবিতা, গীত, নৃত্য ,কথাৰে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে বসন্ত আৰু অসমীয়া নৱবৰ্ষ উদযাপন কৰা হয় । নতুন খোজ আলোচনী গোষ্ঠীৰ উদ্যোগত ফকিৰাগ্ৰামৰ ফৰেষ্ট ডিপোত উদযাপন কৰা হয় এই অনুষ্ঠান ৷ সাহিত্যিক কান্তেশ্বৰ ৰায় আৰু বাসুগাঁও কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা পবিত্ৰ কুমাৰ ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত উক্ত অনুষ্ঠানত কবিতা পাঠ কৰে গীতামণি সিংহা, পংকজ পৰাণ বৰ্মন, নিভা নাৰায়ণ দেবী, মলিনা নাৰ্জাৰী, বিজু ভকত, ধনঞ্জয় ৰায়, যদুৰাম ৰায়, মনিকা কোচ, ৰিতুমণি শৰ্মা, মাধৱী ৰায়, স্নিগ্ধা বৰ্মন, প্ৰিয়া ৰায়, অপূৰ্ব কুমাৰ বৰ্মন আৰু পবিত্ৰ কুমাৰ ৰায়ে ।

গীত পৰিৱেশন কৰে পখিলী সূত্ৰধৰ ৰায়, মাজেন ৰায় আৰু শিশু শিল্পী মানৱজ্যোতি ৰায়ে । আনহাতে, বিহু নৃত্য প্ৰদৰ্শন কৰে ৰিতুমণি শৰ্মা আৰু পিজুমণি ৰায়ে । পঠিত কবিতাৰ ওপৰত আলোচনা আগবঢ়ায় সাহিত্যিক কান্তেশ্বৰ ৰায় আৰু প্ৰৱক্তা পবিত্ৰ কুমাৰ ৰায়ে । অনুষ্ঠানত ৰূপজ্যোতি ৰায়, ৰামপদ বৰ্মন, ব্ৰজন্ত নাথ আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে ৷

লগতে পঢ়ক :আজি বিশ্ব ঐতিহ্য দিৱস

ABOUT THE AUTHOR

...view details