অসম

assam

By

Published : Jul 13, 2020, 9:55 PM IST

ETV Bharat / state

উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সৰৱ বড়োলেণ্ড ছাত্ৰ সন্থা

বিপিএফক নিঃশেষ কৰাৰ বাবে ষড়যন্ত্ৰ চলিছে বুলি সৰৱ হৈ পৰে বড়োলেণ্ড ছাত্ৰ সন্থা ৷ ইতিমধ্যে সাংবাদিকৰ আগত কেইবাটাও মন্তব্য কৰে বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতিজনে ৷

BADOLAND STUDENTS UNION PTOTEST AGAINS GOVT
উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সৰৱ বড়োলেণ্ড ছাত্ৰ সন্থা

কোকৰাঝাৰ,13 জুলাইঃ বিটিচিত ৰাজ্যপালৰ শাসনৰ পৰিৱৰ্তে হাগ্ৰমা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰ খনৰ শাসন কাল 6 মাহ বৃদ্ধিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল ৷ ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ পৰা সোমবাৰে উক্ত আবেদনৰ সন্দৰ্ভত এক ৰায় দান কৰে যে,বিটিচিত বিপিএফ চৰকাৰ খনৰ শাসন কাল বৃদ্ধি নহয় ইয়াৰ পৰিৱৰ্তে বৰ্তমান ৰাজ্যপালৰ শাসনেই চলি থাকিব ৷ আনহাতে উক্ত ৰায়দানৰ বিৰুদ্ধে সৰৱ হৈ পৰে BSU চমুকৈ বড়োলেণ্ড ছাত্ৰ সন্থা ৷

উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সৰৱ বড়োলেণ্ড ছাত্ৰ সন্থা

বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি সৌগৌমচাৰ বসুমতাৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে,বড়োলেণ্ড নিঃশেষ কৰা ষড়যন্ত্ৰ চলিছে । এয়া এক গভীৰ ষড়যন্ত্ৰ বুলিjustice delayed is justice deniedবুলি মত প্ৰকাশ কৰে সভাপতিজনে ।

তাৰোপৰি,অসমত 'কা' বিৰোধী শক্তিক দমন কৰা বাবে যেনেকৈ কৰ'ণা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে,একেধৰণে বিটিচিতো কৰ'ণা ইছ্যুক লৈ ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হৈছে বুলি মন্তব্য কৰে সৌগৌমচাৰ বসুমতাৰীয়ে ৷ তাৰোপৰি বিপিএফ দলক নিঃশেষ কৰাৰ বাবে যি ষড়যন্ত্ৰ সেয়া কাহানিও সফল নহ'ব আৰু আজি ষড়যন্ত্ৰত লিপ্ত থকা সকল এদিন ভৰিত পৰিব লাগিব বুলিও মন্তব্য কৰিছে বড়োলেণ্ড ছাত্ৰ সন্থা সভাপতি সৌগৌমচাৰ বসুমতাৰীয়ে।

লগতে পঢ়ক- প্ৰসংগ বানঃ সোণোৱাল-মহন্তৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details