কোকৰাঝাৰ,৭ মে' :কোকৰাঝাৰ সদৰ থানাত ৰুজু হোৱা এক গোচৰ সংক্ৰান্তত শনিবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ (Akhil Gogoi appears before Kokrajhar CJM Court)৷ উল্লেখ্য যে, ২০১৯ চনত এবিএমছুৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ ছালাকাটিত এক প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল ৷ উক্ত সভাত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে চৰকাৰ বিৰোধী মন্তব্য কৰিছিল । যাৰ বাবে অখিল গগৈৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত ১৫৩ (এ) ১৭১ (জি) ৫০৫ ধাৰাৰ অধীনত এক গোচৰ ৰুজু হৈছিল ৷ উক্ত গোচৰতে আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ ।
ইপিনে কোকৰাঝাৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে অসম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিকলৈ (1st anniversary of Himanta Biswa Sarma ministry) প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । অসম চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সফলতা একো নাই বুলি বিজেপি চৰকাৰক সমালোচনা কৰে নেতাগৰাকীয়ে (Akhil Gogoi criticizes BJP government)। অখিল গগৈয়ে কয় যে বৰ্ষপূতিৰ পূৰ্বে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে পদত্যাগ কৰাৰ বাহিৰে অন্য বিকল্প নাই ৷