কোকৰাঝাৰ,১ মাৰ্চ:তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাবে সম্পন্ন কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে ৷ সোমবাৰে কোকৰাঝাৰৰ বনৰগাঁও এবছুৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ছাত্ৰ নেতা গৰাকীয়ে কয় যে, সমগ্ৰ অসমৰ লগতে বিটিআৰতো শান্তিপূৰ্ণ নিৰ্বাচন সম্পন্ন হোৱাটো আমি কামনা কৰো ৷
শান্তিপূৰ্ণভাবে সম্পন্ন হওঁক বিধানসভা নিৰ্বাচনঃএবছু
তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাবে সম্পন্ন কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে ৷ ইপিনে নিৰ্বাচনত এবছুৱে কোন প্ৰাৰ্থীক সমৰ্থন জনাব সেয়া সময়ত অৱগত কৰিব বুলি সদৰী কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে ৷
তদুপৰি বিটিআৰ অঞ্চলৰ প্ৰাদেশীকৰণৰ আওতাৰ পৰা বাদ পৰি যোৱা তথা বৰ্তমানেও প্ৰাদেশীকৃত নোহোৱা প্ৰাথমিক, এম ই.বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকল হীনমন্যতাত ভূগি আছে বুলি কয় সভাপতিগৰাকীয়ে ৷ এইক্ষেত্ৰত শিক্ষক-কৰ্মচাৰীসকলক দুঃশ্চিন্তা বা হতাশত ভুগিব নালাগে বুলি মন্তব্য কৰি দীপেন বড়োৱে কয় যে, বিধানসভা নিৰ্বাচনৰ আচৰণবিধি বলৱৎ হোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই ৷ কিন্তু প্ৰাদেশীকৰণৰ বাবে যিখিনি আভ্যন্তৰীণ কাম সেইখিনি চলি থাকিব ৷ গতিকে চিন্তাৰ কাৰণ নাই বুলি মন্তব্য কৰে এবছুৰ সভাপতি গৰাকীয়ে ৷ ইপিনে নিৰ্বাচনত এবছুৱে কোন প্ৰাৰ্থীক সমৰ্থন জনাব সেয়া সময়ত অৱগত কৰিব বুলি সদৰী কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে ৷
লগতে পঢ়কঃখহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা