অসম

assam

ETV Bharat / state

চৌদি আৰৱৰ পৰা ম'বাইল যোগে পত্নীক তিনি তালাক স্বামীৰ

দেশত মুছলমান সকলৰ মাজত থকা তিনি তালাক প্ৰথা বন্ধ কৰিছে যদিও ত্ৰিপুৰাত ডিজিটেল পদ্ধতিৰে এগৰাকী বিবাহিত মহিলাক স্বামীয়ে দিলে তিনি তালাক ৷

চৌদি আৰৱৰ পৰা ম'বাইল যোগে পত্নীক তিনি তালাক স্বামীৰ

By

Published : Oct 31, 2019, 3:02 PM IST

কৰিমগঞ্জ, 31 অক্টোবৰঃডিজিটেল যেন পৃথিৱীত সকলো সম্ভৱ এই পৃথিৱীত ৷ চৰকাৰে যিমানেই কঠোৰ আইন প্ৰণয়ন নকৰক কিয় একাংশ লোকে এতিয়াও এৰিব পৰা নাই পুৰণি প্ৰথা ৷ ত্ৰিপুৰাত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ আওপুৰণি নিয়ম কানুন বাদ দি ডিজিটেল হৈছে সকলো,সময়ৰ পৰিৱৰ্তনত সকলো সম্ভৱ যে সেয়া প্ৰমাণ কৰিছে এই ঘটনাই ৷ দেশত মুছলমান সকলৰ মাজত থকা তিনি তালাক প্ৰথা বন্ধ কৰিছে যদিও ত্ৰিপুৰাডিজিটেল পদ্ধতিৰে এগৰাকী বিবাহিত মহিলাক স্বামীয়ে দিলে তিনি তালাক ৷ এই ঘটনা ত্ৰিপুৰাৰ জালাইবাৰীত ঘটিছে ৷ কৰ্মসূত্ৰে চৌদি আৰৱত থকা আবুল হুছেইন নামৰ লোকজনে তেখেতৰ পত্নীক হোৱাটছ এপৰ যোগেদি দিয়ে তিনি তালাক ৷

চৌদি আৰৱৰ পৰা ম'বাইল যোগে পত্নীক তিনি তালাক স্বামীৰ
ইছলাম ধৰ্মৰ ৰীতি নীতি অনুসৰিয়েই বিবাহ হোৱা মহিলাগৰাকীৰ স্বামীয়ে প্ৰায়েই নিৰ্যাতন চলাই আহিছিল পত্নীক ৷ অক্টোবৰ মাহৰ 27 তাৰিখে হঠাৎ ম'বাইলৰ যোগেদি লাভ কৰা এটা মেচেজ যোগে পত্নীয়ে গম পায় তেওঁক তালাক দিয়াৰ কথা ৷ হঠাৎ স্বামীৰ এই মেচেজ লাভ কৰি হতভম্ব হয় পত্নী ৷ লগে লগে স্বামীক ফোন কৰে যদিও স্বামী আবুল হুছেইনে ফোন ৰিচিভ নকৰে ৷ আনহাতে স্বামীৰ পৰিয়ালে মহিলাগৰাকীক বহু দিনৰ পৰা নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন কৰিছে ৷
ত্ৰিপুৰাত ডিজিটেল পদ্ধতিৰে তিনি তালাক পত্নীক
ইফালে এই ঘটনাৰ পিচতে বুধবাৰে দুৰ্ভগীয়া ছালমা বেগমে কদমতলা আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে এক গোচৰ দিয়ে ৷ ঘটনা সম্পৰ্কত ত্ৰিপুৰা আৰক্ষীয়ে স্বামী আবুল হুছেইনৰ বিৰুদ্ধে 60/19 US, 498(এ), ভাৰতীয় দণ্ডবিধিৰ ফ'ৰ অফ দি মুছলিম প্ৰটেক্সন ৰাইটছ অন মেৰিড এক্ট 2019ত অনুসৰি এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে,তিনি তালাক চৰকাৰে বন্ধ কৰাৰ পাছত ম'বাইলযোগে তালাক দিয়াত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ABOUT THE AUTHOR

...view details