অসম

assam

By

Published : Oct 18, 2019, 5:01 PM IST

ETV Bharat / state

ৰাতাবৰীত নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

শুকুৰবাৰে ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী জনসভাত অংশ ললে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ ৰাতাবাৰী সমষ্টিৰ কালিবাৰী বজাৰত ভাস্থলীত ভাষণ প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

RANJIT DAS ELECTION CAMPAIGN AT RATABARI

ৰাতাবাৰী,18 অক্টোবৰঃ ৰাজ্যৰ চাৰিটা সমষ্টিতে বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ ৷ পিছ পৰি থকা নাই ৰাতাবাৰী সমষ্টিও ৷ শুকুৰবাৰে ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী জনসভাত অংশ ললে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ ৰাতাবাৰী সমষ্টিৰ কালিবাৰী বজাৰৰ জনসভাস্থলীত ভাষণ প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ নিৰ্বাচনী সভাত অংশ লৈ সভাপতি গৰাকীয়ে চৰকাৰৰ উন্নয়ন মূলক আঁচনিৰ কথা দাঙি ধৰে ৷ লগতে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বিল,শনবিলৰ প্ৰাকৃতিক মনোৰম দৃশ্যই তেওঁক আকৃষ্ট কৰিছে বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ শনবিলক বৃহৎ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে সভাপতি গৰাকীয়ে ।

ৰাতাবৰীত নিৰ্বাচনী প্ৰচাৰ

আনহাতে, এন আৰ চিৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে, 2014 চনৰ পৰা অহা সকলো হিন্দু লোকক নাগৰিকত্ব প্ৰদান কৰা হ’ব ৷

ABOUT THE AUTHOR

...view details