কৰিমগঞ্জ, ১৯ অক্টোবৰ: ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাঁথো কেইটামান মাহ। আগন্তুক নিৰ্বাচনক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক নেতাৰ নিৰ্বাচনকেন্দ্ৰীক বিভিন্ন অনুষ্ঠান। উত্তৰ কৰিমগঞ্জতো প্ৰাক্তন বিধায়ক তথা বি জে পি নেতা মিছন ৰঞ্জন দাসে আৰম্ভ কৰিছে অভিযান। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ লক্ষ্যেৰে কুচ-কাৱাজ আৰম্ভ কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে।
লক্ষ্য ২০২১ৰ নিৰ্বাচন: উত্তৰ কৰিমগঞ্জত ৰঞ্জন দাসৰ কুচ-কাৱাজ
উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ লক্ষ্যেৰে কুচ-কাৱাজ আৰম্ভ কৰিছে প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসে। সমষ্টিটোৰ লাফাশাইল জিপি অঞ্চলৰ ৰাইজৰ সৈতে মত-বিনিময় কৰে প্ৰাক্তন বিধায়কগৰাকীৰ।
লক্ষ্য ২০২১ৰ নিৰ্বাচন: উত্তৰ কৰিমগঞ্জত ৰঞ্জন দাসৰ কুচ-কাৱাজ
শনিবাৰে উত্তৰ কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ লাফাশাইল জিপি অঞ্চলৰ ৰাইজৰ সৈতে মত-বিনিময় কৰি ৰাইজৰ কাষ চপাৰ কৌশল অৱলম্বন কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে৷ ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে বি জে পি চৰকাৰৰ বিভিন্ন প্ৰকল্পৰ খতিয়ান দাঙি ধৰে। উল্লেখ্য যে,মিছন ৰঞ্জন দাসে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা ৩ বাৰ বিজয়ী হৈছে।
লগতে পঢ়ক: প্ৰৱল উচাহেৰে ৰাইজৰ মাজলৈ ‘ৰাইজৰ দল’