অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক

গাঁতৰ মাজত পথ নে পথৰ মাজত গাঁত ? অসম-ত্ৰিপুৰা সংযোগী 8নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুখুৰী সদৃশ গাঁত ৷

By

Published : Apr 27, 2019, 12:02 PM IST

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক

কৰিমগঞ্জ,27 এপ্ৰিল: বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়ত আৰু গড়কাপ্তানি পথৰ লগতে বহিঃৰাজ্যৰ লগত সংযোগ স্থাপনকাৰী ঘাইপথৰ শোচনীয় অৱস্থাই জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক । কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী সদাব্যস্ত 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত জৰাজীৰ্ণ অৱস্থাই উদঙাইছে যোগাযোগ ব্যৱস্থাৰ কদৰ্য ৰূপ ৷ এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ দায়িত্বত আছিল এবিচিআই নামৰ এটা নিৰ্মাণকাৰী সংস্থা । চৰকাৰী নিয়ম অনুসৰি নিৰ্মাণ হোৱাৰ 5 বছৰলৈকে চোৱাচিতাৰ দায়িত্বত থকা সংস্থাটোৱে নিৰ্মাণৰ পাচতে পিঠি দিয়াৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ ।

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক

ইপিনে দৈনিক প্ৰায় শতাধিক যানবাহন এই পথছোৱা দি পাৰ হৈ থকাৰ বিপৰীতে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে পথছোৱাৰ অৱস্থা দিনে দিনে অধিক অৱনতি ঘটিছে ৷ যাৰ বাবে এতিয়া এই পথছোৱাৰ মেৰামতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ তথা যান-বাহন চালকসকল তথা যাত্ৰীসকলে ৷

লগতে পঢ়ক - বন্ধ হ'ব কাজিৰঙাৰ এলিফেণ্ট ছাফাৰী

ABOUT THE AUTHOR

...view details