কৰিমগঞ্জ, 10 অক্টোবৰঃ কৰিমগঞ্জৰ ৰাতাবাৰীত প্ৰতিবাদত বহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰত আহি প্ৰতিবাদ বিধায়ক গৰাকী ৷ কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ আৰু কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সম্পাদক তথা হোলচেল কপাৰেটিভৰ ছ'চাইটিৰ সভাপতি সুব্ৰত দেৱক লগত লৈ দুঘণ্টাৰ বাবে ধৰ্ণাত বহে বিধায়ক ৰূপজ্যোতি কুৰ্মী ।
উপনিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী
কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ আৰু কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সম্পাদক তথা হোলচেল কপাৰেটিভৰ ছ'চাইটিৰ সভাপতি সুব্ৰত দেৱক লগত লৈ দুঘণ্টাৰ বাবে ধৰ্ণাত বহে বিধায়ক ৰূপজ্যোতি কুৰ্মী
উপনিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী
কৰিমগঞ্জৰ দুখনকৈ চাহ বাগিচাত পূজাৰ পূৰ্বে দৰমহা ,বোনাচ, আৰু ৰেচন নিদিয়াকৈ বাগিচাত তলা লগাই পলায়ন কৰে মেনেজাৰ ৷ ৰেচন পাতিৰ অভাৱত হাতিখীৰা বাগিচাত মৃত্যু হয় এজন শ্ৰমিকৰ । এনে অৱস্থাত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ যাৰ বাবে প্ৰতিবাদস্বৰূপে বৃহস্পতিবাৰে দুঘণ্টাৰ বাবে ধৰ্ণাত বহে বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷