কৰিমগঞ্জ, 11 মে' : কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ সময়তে দেওঁবাৰে নিশা ত্ৰিপুৰাৰ পৰা বাছযোগে অৰ্ধ-শতাধিক লোকে অসমত প্ৰৱেশ কৰে ৷ অসম-ত্ৰিপুৰা চূড়াইবাড়ি সীমান্তৰে ৰাজস্থান আৰু অসমৰ লোক সকল উপস্থিত হয় কৰিমগঞ্জত ৷ প্ৰায় 10 খন বাছৰে তেওঁলোক অসমত প্ৰৱেশ কৰে ৷
তেওঁলোকৰ উপস্থিতিৰ পিছতে প্ৰশাসনে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাই অসম চৰকাৰ আৰু কৰিমগঞ্জ প্ৰশাসনৰ অনুমতি সাপেক্ষে আৰক্ষীয়ে কৰিমগঞ্জ জিলা অতিক্ৰম কৰাই দিয়ে ৷