অসম

assam

পথ বুলিবলৈ একোৱেই নাই ঃ ৰাইজৰো উপায় নাই

By

Published : Jan 10, 2020, 9:30 PM IST

কৰিমগঞ্জ জিলাৰ কাশিনাথপুৰ অঞ্চলৰ এটা পথ ৷ যিটো পথে জ্বলা-কলা খোৱাইছে বৃহত্তৰ অঞ্চলৰ বহু সংখ্যক লোকক ৷ পথৰ এনে কদৰ্য ৰূপে প্ৰমাণিত কৰিছে উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰ খনৰ প্ৰকৃত স্বৰূপ ৷

karimganj road
কাশিনাথপুৰ এলেকাৰ এটা পথে জ্বলা-কলা খোৱাইছে বৃহত্তৰ অঞ্চলৰ লোকক


কৰিমগঞ্জ , 10 ডিচেম্বৰ : কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশিনাথপুৰ এলেকাৰ এটা পথে জ্বলা-কলা খোৱাইছে বৃহত্তৰ অঞ্চলৰ বহু সংখ্যক লোকক ৷ পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিৰ মাজত সংযোগী পথটোৰ অৱস্থা শোচনীয় ৷ ৰাতাবাৰী সমষ্টিৰ অধীনত থকা ৰংপুৰ, ভুতুৰপুল, কালাগংগাৰপাৰ সহ কেইবাখনো গাঁওৰ একমাত্ৰ ভৰষা এই পথটোৰ অৱস্থা শোচনীয় হোৱাত সমস্যাত ভুগিছে অঞ্চলবাসী ৷ একবিংশ শতিকাতো যোগাযোগ ব্যৱস্থা সুচল নোহোৱা বাবে ৰোগীক কান্ধত ওলোমাই নিবলগীয়া হৈছে হাস্পতাললৈ ৷ পথৰ এনে কদয্য ৰূপে প্ৰমাণিত কৰিছে উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰ খনৰ প্ৰকৃত স্বৰূপ ৷ কেইবাখন গাঁৱৰ একমাত্ৰ ভৰষা এই পথটো বাদশাহী বনাঞ্চল এলেকাত বনবিভাগে কাটি দিয়াৰ ফলত সমস্যা দুগুণে বৃদ্ধি পাইছে বুলি মন্তব্য স্থানীয় লোকৰ । ইয়াৰ পিছতো পথটো নিৰ্মাণৰ বাবে বৰ্তমানলৈকে ৰজাঘৰীয়াই লোৱা নাই বিশেষ কোনো পদক্ষেপ । ইপিনে বনবিভাগে সংঘটিত কৰা এনে কাণ্ডৰ বিৰুদ্ধে স্থানীয় ৰাইজে এতিয়া বনবিভাগৰ পৰা উচিত তদন্তৰ দাবী জনাইছে স্থানীয় লোকে ।

কাশিনাথপুৰ এলেকাৰ এটা পথে জ্বলা-কলা খোৱাইছে বৃহত্তৰ অঞ্চলৰ লোকক

ABOUT THE AUTHOR

...view details