কৰিমগঞ্জ,4অক্টোবৰঃ সাময়িকভাৱেসকাহ পালে শাৰদীয় দুৰ্গাপূজাৰ পূৰ্বে লক আউট হোৱা বাগিচাৰ শ্ৰমিকসকলে । স্থানীয় বিধায়কৃষ্ণেন্দু পালেবিতৰণ কৰিলে ২০০ কুইন্টল আটা, দুখনকৈ বাগিচাৰ ৩০০০ পৰিয়ালক দিলে কাপোৰ । প্ৰশাসনেও আগতীয়াকৈ মুকলি কৰি দিলে ৰেচন । উল্লেখ্য যে, পূজাৰ আগমুহূৰ্তত শ্ৰমিকসকলে বোনাছৰ দাবী জনাৱাৰ বাবেই যোৱা ২৭ ছেপ্টেম্বৰত হাতিখিৰা চাহ বাগিচাখন কোনোধৰণৰ জাননী নিদিয়াকৈ লক-আউট কৰি দিছিল । যাৰ পাছৰ পৰাই বাগিছাখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । ইফালে কিছুদিন পূৰ্বে ছিপেনজুৰি চাহ বাগিচাখনো একেই পৰস্থিতিৰ বাবে লকআউট কৰা হৈছিল ।
কৰিমগঞ্জত লক আউট হোৱা বাগিচাৰ শ্ৰমিকক বিধায়ক আৰু প্ৰশাসনে বিতৰণ কৰিলে ৰেচন
কৰিমগঞ্জত দুৰ্গাপূজাৰ পূৰ্বে লক আউট হোৱা বাগিচাৰ শ্ৰমিকসকললৈ সহাঁৰি ৷ স্থানীয় বিধায়ক আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা বিতৰণ কৰা হয় ৰেচন । স্থানীয় বিধায়কে বিতৰণ কৰিলে ২০০ কুইন্টল আটা, দুখনকৈ বাগিচাৰ ৩০০০ পৰিয়ালক দিলে কাপোৰ । প্ৰশাসনেও আগতীয়াকৈ মুকলি কৰি দিলে ৰেচন ।
শুকুৰবাৰে স্থানীয় বিধায়ক কৃষ্ণেন্দু পাল হাতিখিৰা চাহ বাগিচাখনত উপস্থিত হৈ শ্ৰমিকসকললৈ সহায়ৰ হাত আগবঢ়ায় । বাগিচাখনৰ ২০০০ পৰিয়ালক কাপোৰ বিতৰণ কৰে বিধায়কগৰাকীয়ে । লগতে প্ৰদান কৰে ১০০ কুইন্টল আটা । একেদৰে পূৰ্বৰে পৰা বন্ধ হৈ থকা ছিপেনজুৰি বাগিচাতো ১০০০ পৰিয়ালক কাপোৰ আৰু ১০০ কুইন্টল আটা বিতৰণ কৰে বিধায়কগৰাকীয়ে । কেৱল বিধায়কেই নহয় জিলা প্ৰশাসনেও ১৫ তাৰিখে মুকুলি কৰিবলগীয়া ৰেচন আগতীয়াকৈ শুকুৰবাৰেই মুকুলি কৰি দিয়ে বুলি জনাই কৰিমগঞ্জৰ জিলা উপায়ুক্ত আন্বামুথান এম পিয়ে ।