কৰিমগঞ্জ, 23 নৱেম্বৰঃ ভূ-মাফিয়াই মাটি দখলৰ বাবে ত্ৰাস সৃষ্টি কৰা দৃশ্য সকলোৰে পৰিচিত ৷ কিন্তু এইবাৰ ভূমি দখল প্ৰশাসনৰ ৷ কৰিমগঞ্জত জাননী বিহীনভাৱে ভূমি দখল কৰিলে প্ৰশাসনে ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কোনাগ্ৰাম এলেকাত পথাৰেৰে সংযুক্ত কৰা হ’ব পাথাৰকান্দি বাইপাছ ৷ যাৰ বাৰে বৃহৎ পৰিমাণৰ ভূমিৰ প্ৰয়োজন প্ৰশাসনক ৷ উক্ত বাইপাছ ৰোড নিৰ্মাণৰ বাবে প্ৰশাসনে দখল কৰে কেইবা বিঘা মাটি ৷ কিন্তু এই ভূমি অধিগ্ৰহণৰ পূৰ্বে কোনোধৰণৰ আগতীয়া জাননী প্ৰদান কৰা হোৱা নাছিল মাটিৰ গৰাকীসকলক ৷ যাৰ ফলত একপ্ৰকাৰৰ ক্ষোভত জাঙোৰ খাই উঠিছে মাটিৰ মালিকসকল ৷
কৰিমগঞ্জত প্ৰশাসনৰ ভূমি দখল
দক্ষিণ কৰিমগঞ্জত বাইপাছ ৰোড নিৰ্মাণৰ বাবে প্ৰশাসনে দখল কৰিছে কেইবাবিঘা মাটি ৷ কিন্তু এই ভূমি অধিগ্ৰহণৰ পূৰ্বে কোনোধৰণৰ পূৰ্বেৎ জাননী প্ৰদান কৰা হোৱা নাছিল স্বত্বাধিকাৰীসকলক ৷ যাৰ ফলত একপ্ৰকাৰৰ ক্ষোভত জাঙোৰ খাই উঠিছে মাটিৰ মালিকসকল ৷
কৰিমগঞ্জত প্ৰশাসনৰ ভূমি দখল
উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে এই অঞ্চল পৰিদৰ্শন কৰি দুটাকৈ পৰিয়ালক নগদ সাহায্য প্ৰদান কৰে ৷ লগতে তেখেতে কয় যে,উন্নয়নৰ স্বাৰ্থত পথ নিৰ্মা়ণ কৰাত কোনো আপত্তি নাই কিন্তু প্ৰশাসনে কোনো আগতীয়া জাননী অবিহনে ভূমি দখল কৰাটো অনুচিত ৷ ইয়াৰ বাবদ মাটিৰ মালিক সকলে ন্যায্য মূল্য লাভ কৰিব লাগে ৷