কৰিমগঞ্জ,21 মে’: কৰিমগঞ্জ জিলাৰ ছলামনাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । দিনৰ পোহৰতে দুগৰাকী পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃক । ঘটনা অনুসৰি দিনৰ 11.30 বজাত পিতৃ হাৰিছ আলীক ঘৰৰ পৰা মাতি নিয়ে দুই পুত্ৰ ক্ৰমে নচিম উদ্দিন আৰু শ্বৰীফ উদ্দিনে ৷
পৰৱৰ্তী সময়ত ঘৰৰ বাহিৰত থকা খেলপথাৰ এখনত পিতৃক লৈ যায় দুই পুত্ৰই আৰু তাৰ পিছতেই আলীক উপৰ্যুপৰি দাৰে ঘপিয়াই মূৰৰ লগতে শৰীৰৰ আন আন স্থান ক্ষত-বিক্ষত কৰে দুই পুত্ৰই ।
হাৰিছ আলীক এনে অৱস্থাত দেখি ওচৰ-চুবুৰীয়া ওলাই আহে ৷ ৰাইজৰ সমাগম হোৱা দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই ভাতৃয়ে । ইপিনে এই আক্ৰমণৰ পিছত ঘটনাস্থলীতেই প্ৰাণ হেৰুৱাই হাৰিছ আলীয়ে ৷