অসম

assam

ETV Bharat / state

প্ৰাক্তন সংসদীয় সচিব মনিলাল গোৱালাক হোম কোৱাৰেণ্টাইন

প্ৰাক্তন সংসদীয় সচিব মনিলাল গোৱালাক হোম কোৱাৰেণ্টাইনত ৰাখিলে কৰিমগঞ্জ প্ৰশাসনে । জানিব পৰা মতে, ইতিমধ্যে এজন লোকৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰা, কচুৱাধামৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ যোৱা ছিদ্দিক আহমেদৰ সংস্পৰ্শলৈ আহিছিল মনিলাল গোৱালা ।

ex parliamentary secretary manilal gowala to home quarantine
ex parliamentary secretary manilal gowala to home quarantine

By

Published : May 9, 2020, 12:21 PM IST

কৰিমগঞ্জ, 9 মে': প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ পিচত এইবাৰ, প্ৰাক্তন সংসদীয় সচিব তথা আগশাৰীৰ কংগ্ৰেছ নেতা মনিলাল গোৱালা আৰু বহু কেইজন কংগ্ৰেছ নেতাক হোম কোৱাৰেণ্টাইনত ৰাখিলে কৰিমগঞ্জ প্ৰশাসনে । ছিদ্দিক আহমেদে যোৱা কেইদিমান পূৰ্বে কৰিমগঞ্জৰ কচুৱাধাম কোৱাৰেণ্টাইন কেন্দ্ৰত গৈ জামাতী সকলক লগ কৰিছিল । লগত গৈছিল আন কেইবা গৰাকীও কংগ্ৰেছ নেতা ।

প্ৰাক্তন সংসদীয় সচিব মনিলাল গোৱালাক হোম কোৱাৰেণ্টাইন

উল্লেখ্য যে, বিগত সপ্তাহত কচুৱাধামৰ কোৱাৰেণ্টাইন কেন্দ্ৰতে এগৰাকী লোকৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰিছিল । জানিব পৰা মতে, ছিদ্দিক আহমেদৰ সংস্পৰ্শলৈ আহিছিল মনিলাল গোৱালাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা । যাৰ বাবে তেওঁলোকক হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা লৈছে জিলা প্ৰশাসনে ।

লগতে পঢ়কঃৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা 59 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details