কৰিমগঞ্জ,6 জানুৱাৰী :ভাৰত-বাংলাদেশৰ সীমান্ত সমস্যা দীৰ্ঘদিনৰ পৰাই গুৰুত্বপূৰ্ণ সমস্যা হিচাপে বিবেচিত হৈ আহিছে ৷ কেইদিনমন পূৰ্বে সীমান্ত পথৰ তলত থকা হিউম পাইপেৰে বাংলাদেশী নাগৰিকে অহা-যোৱা কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল ৷ এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে তৎপৰ হৈ উঠিছে সীমা সুৰক্ষা বাহিনীৰ লগতে অসম আৰক্ষী ৷
মঙলবাৰে সীমা সুৰক্ষা বাহিনীৰ কাছাৰ ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক, অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ উপ মহাপৰিদৰ্শক, কৰিমগঞ্জৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকসহ এটা দল উক্ত অঞ্চলত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ সীমান্তৰ বহু চৰ্চিত অঞ্চলটো পৰিদৰ্শনৰ অন্তত কৰিমগঞ্জৰ উপায়ুক্তৰ কাৰ্যালয়ত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় দলটো ৷ কিন্তু এই বৈঠকত আৰক্ষীৰ শীৰ্ষ নেতাসকলৰ সন্মুখত বিষয়টো গাপ দিবলৈ চেষ্টা চলাই সীমা সুৰক্ষা বাহিনীয়ে ৷ উল্লেখ্য যে,আৰক্ষীৰ শীৰ্ষ নেতাসকল অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়ত তাত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা আছিল ৷ বৈঠকৰ পিছতো সাংবাদিকৰ আগত মুখ খোলাৰ পৰা বিৰত থাকে সীমা সুৰক্ষা বাহিনীৰ কাছাৰ ফ্ৰণ্টিয়াৰৰ উপ মহাপৰিদৰ্শক গৰাকী ৷