কৰিমগঞ্জ 19 অক্টোবৰ: 7 অক্টোবৰত ব্যৱসায়ৰ কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা ব্যৱসায়ী আব্দুল মালিক আজিলৈকে ঘৰলৈ উভতি অহা নাই । তেওঁৰ পত্নীয়ে জনোৱা মতে,7 অক্টোবৰত চুড়াইবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পূব ফুলবাৰীৰ 5 নম্বৰ ওৱাৰ্ডৰ বাসিন্দা আব্দুল মালিকে তেওঁৰ ব্যৱসায়ৰ কামত অমৰপুৰৰ নতুন বজাৰলৈ গৈছিল । কিন্তু অমৰপুৰৰ পৰা যোৱা 9 অক্টোবৰত পত্নীৰ লগত ফোনত কথা পাতিছিল । তাৰ পাছৰে পৰা আব্দুল মালিকৰ মোৱাইল ফোন বন্ধ হৈ আছে,তাৰ পাছত পত্নী জাচমিনা ৱেগমে বহু চেষ্টা কৰিলে যদিও এতিয়ালৈকে সংযোগ স্থাপন কৰিব পৰা নাই ৷ ইতিমধ্যে পত্নী জাচমিনা বেগমে চুড়াইবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । চুড়াইবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসে অনুসন্ধান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই ।
ফুলবাৰীৰ ব্য়ৱসায়ী আব্দুল মালিক সন্ধানহীন
ফুলবাৰীৰ ব্য়ৱসায়ী আব্দুল মালিক সন্ধানহীন ৷ চুড়াইবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ৷
ফুলবাৰীৰ ব্য়ৱসায়ী আব্দুল মালিক সন্ধানহীন
লগতে পঢ়ক: পৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান