অসম

assam

অসম-ত্ৰিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ জৰ্ৰাজীৰ্ণ ৰূপ

By

Published : Jun 3, 2020, 1:38 PM IST

কৰিমগঞ্জৰ আছিমগঞ্জ এলেকাত অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা হৈ পৰিছে অতি বিপদ সংকুল ৷ এই পথ সম্প্ৰতি অসমৰ পৰা ত্ৰিপুৰালৈ যোৱা যাত্ৰী আৰু চালকৰ বাবে হৈ পৰিছে দুৰ্বিসহ ৷ লগতে স্থানীয় ৰাইজেও ভুগিবলগীয়া হৈছে যমৰ যাতনা ৷

8 no. national highway turned into death trap in karimganj
8 no. national highway turned into death trap in karimganj

কৰিমগঞ্জ, 3 জুনঃ বিগত প্ৰায় ৭ বছৰজুৰি অসম-ত্ৰিপুৰা 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আছিমগঞ্জৰ পৰা পাথাৰকান্দিলৈকে থকা 7 কিলোমিটাৰ পথ ৰূপান্তৰিত হৈছে মৰণফান্দলৈ ৷ যাতায়াতৰ বাবে সম্পূৰ্ণভাৱে অনুপযোগী হৈ পৰিছে বিপদ সংকুল পথটি ৷ যাৰ বাবে চালক সকলে বিকল্প হিচাপে আছিমগঞ্জ-আনিপুৰ গড়কাপ্টানি পথেৰে নিৰ্মীয়মান বাইপাছ হৈ পাথাৰকান্দি এলেকা পাৰ হ'বলগীয়া হৈছে ৷ ফলত সেই পথটোৰ অৱস্থাও সম্প্ৰতি হৈ পৰিছে জৰাজীৰ্ণ ৷

কৰিমগঞ্জৰ এটা বিপদসংকুল পথ...

ৰাষ্ট্ৰীয় ঘাইপথ পৰিণত হৈছে একো একোটা পুখুৰী সদৃশ গাঁতত ৷ সামান্য এজাক বৰষুণত অধিক শোচনীয় হৈ পৰে পথটোৰ অৱস্থা ৷ যাক লৈ এতিয়া বিপাঙত পৰিছে চালকৰ লগতে যাত্ৰী সকলো ৷ পথটো মেৰামতিৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি স্থানীয় জন প্ৰতিনিধিসকলক আবেদন জনাই আহিছে যদিও, তেওঁলোকে বৰ্তমানলৈ পোৱা নাই কোনো ধৰণৰ সুফল ৷

লগতে পঢ়কঃমহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details