ডিফু, ২৭ জানুৱাৰী: কাৰ্বি আংলঙত পৰিহাৰ কৰা হ’ল জাতীয় উৎসৱ 'বুচু ডিমা’ (Giving up Busudima festival in Karbi Anglong) ৷ ইয়াৰ পৰিবৰ্তে অনুষ্ঠিত কৰা হ’ল শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ অশ্ৰুসিক্ত নয়নেৰে ডিমাছাসকলে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলে এগৰাকী প্ৰিয় নেতাক ৷
'বুচু ডিমা' ডিমাছাসকলৰ জাতীয় উৎসৱ ৷ প্ৰতি বছৰৰ ২৭ ডিচেম্বৰত উলহ মালহেৰে এই কৃষিভিত্তিক উৎসৱটি পালন কৰি অহা হৈছে ৷ উৎসৱটি আৰম্ভ হোৱাৰ কিছুদিন পূৰ্বৰে পৰা এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে কাৰ্বি আংলং জিলাৰ ডিমাছা অধ্যুসিত অঞ্চল ধনশিৰিত ৷ কৃষি ভিত্তিক এই হেপাঁহৰ উৎসৱটিত পৰম্পৰাগত ৰীতি-নীতি সমাপন কৰি নৃত্য-গীতৰ মাজেৰে উছৱৰ আনন্দ লোৱা হয় । গাঁওবাসীয়ে লগে-ভাগে এসাঁজ খোৱাৰ নিয়ম এই উছৱত । প্ৰতি বছৰৰ ২৭ জানুৱাৰীত জনগোষ্ঠীটোৱে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি এই উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে যদিও এইবাৰ কাৰ্বি আংলঙৰ ধনশিৰি অঞ্চলত দেখা নগ'ল উৎসৱটিৰ আনন্দ । ইয়াৰ পৰিৱৰ্তে ধনশিৰিৰ শিৱনগৰৰ ৰাইজে শিৱনগৰৰ ৰাজহুৱা খেলপথাৰৰ দাঁতিত সমবেত হৈ গাঁওবাসীৰ লগতে অঞ্চলটোৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশেষ নেতাক ।