ডিফু, 5 জুলাই :ৰাজ্যত অব্যাহত আছে একাংশ ট্ৰাক চালক দৌৰাত্ম ৷ একাংশ ট্ৰাক চালক আৰু হেণ্ডিমেনৰ কাণ্ডহীনতাৰ বাবে সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ এইবাৰ ট্ৰাকৰ হেণ্ডিমেনৰ অমনোযোগিতাৰ বাবে কাৰ্বি আংলঙত অকাল মৃত্যুত সাবতিব লগা হয় এজন যুৱকে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, এগৰাকী ট্ৰাক হেণ্ডিমেনৰ চূড়ান্ত গাফিলতিৰ বাবে সোমবাৰে কাৰ্বি আংলং জিলাৰ পাৰখোৱাৰ এগৰাকী কৃষকে অকাল মৃত্যুক সাৱতিব লগাত পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে দুপৰীয়াৰ ভাগত পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালে এখন পথাৰত কৃষি কৰ্মত ব্যস্ত থকা কৃষকৰ এটা দলে দুপৰীয়া আহাৰ গ্ৰহণ কৰি ক্ষন্তেক জিৰণি লৈছিল পথৰ কাষত ৷ সেই সময়ত পথৰ কাষতে এখন দহ চকীয়া ট্ৰাকো ৰখাই থোৱা হৈছিল ৷
কিন্তু ট্ৰাকখনৰ চালকজন কিছু সময়ৰ বাবে পাৰখোৱা বজাৰৰ ফালে ওলাই যোৱাৰ পিছতে ট্ৰাকখনৰ হেণ্ডিমেনজন জনে ট্ৰাকখন চলোৱাৰ চেষ্টা কৰে ৷
কৃষক দলৰ ওপৰেৰে চলালে দহচকীয়া ট্ৰাক; নিহত এজন কিন্তু ট্ৰাকখন চম্ভালিব নোৱাৰিলে ট্ৰাকখনৰ হেণ্ডিমেনজনে ৷ হেণ্ডিমেনজনে ট্ৰাকখন চলোৱাৰ চেষ্টা কৰোতেই ট্ৰাকখনে জিৰণি লৈ থকা কৃষকৰ দলটোক মহটিয়াই নিয়ে ৷ ফলত ঘটনাস্থলীতে পাৰখোৱা এৰদাং গাঁৱৰ নিৱাসী লৰচিং মিলিক(৩৭) নামৰ লোক থিতাতে নিহত হয় ৷
এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় দুজন লোক ৷ আহত লোক কেইজনক তৎতাতয়াকৈ প্ৰেৰণ কৰা হয় হাস্পতাললৈ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে নিহত লৰচিং মিলিকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
দুৰ্ঘটনা সংঘটিত কৰা দহ চকীয়া ট্ৰাকখনৰ নম্বৰ হৈছে এছ ০১ জিচি ৮২৯১ ৷ ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা হেণ্ডিমেন আৰু দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই পথ দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক:পুঁজি আৱণ্টনৰ পিচতো নিৰ্মাণ নহ’ল 27 নং ৰাষ্ট্ৰীয় ঘাইপথ