ডিফু, 15 ডিচেম্বৰ :সমাগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন(Karbi Anglong autonomous council polls) ৷ নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ৷ পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰসচিবালয়ৰ সভা কক্ষত অনুষ্ঠিত হৈ যায় এখন সৰ্বদলীয় বৈঠক (all party meeting of kaac) ৷
বৈঠকত জিলাখনৰ বহুকেইগৰাকী জেষ্ঠ ৰাজনৈতিক নেতাৰ লগতে শাসক-বিৰোধী প্ৰতিটো দলৰ সদস্যৰ মতামতৰ অন্তত গ্ৰহণ কৰা হয় এক সিদ্ধান্ত ৷ সিদ্ধান্ত অনুসৰি আগন্তুক 2022ত অনুষ্ঠিত হ’বলগা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ইভিএমৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ব বেলট পেপাৰ(Ballot paper to be used instead of EVMs) ৷