ডিফু,২২ নৱেম্বৰঃ ডিফু চিকিৎসা মহাবিদ্যালয়ত অঘটন ৷ ককায়েকৰ ওচৰলৈ ফুৰিবলৈ আহি দুমহলাৰ পৰা পৰি মৃত্যু মৰাণৰ যুৱকৰ ৷ আগন্তুক ২৫ নৱেম্বৰত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ বহিঃৰ্বিভাগৰ কাম-কাজৰ শুভাৰম্ভণীৰ পূৰ্বেই মহাবিদ্যালয় ঘটিল এক অঘটন ৷ চিকিৎসা মহাবিদ্যালয় খনৰ এখন অট্টালিকাৰ দুমহলাৰ পৰা পৰি অকাল মৃত্যুক সাবটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ডিফু চহৰত ৷
খবৰ অনুসৰি, দুদিন পূৰ্বে ডিব্ৰুগড় জিলাৰ মৰাণ থানা এলেকাৰ কাৱৈমাৰী ঘিনাই গাঁৱৰ ইজেৰি মাঝিৰ পুত্ৰ অনন্ত মাঝি নৱনিৰ্মিত ডিফু চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ কামৰ সৈতে জড়িত সম্বন্ধীয় ককায়েকৰ ওচৰত ফুৰিবলৈ গৈছিল ৷ কিন্তু বৃহস্পতিবাৰে সন্ধিয়া চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদৰ ককায়েক থকা প্ৰফেচাৰ কল'নিৰ এটা অট্টালিকা দুমহলাৰ বেলকনিত উঠি যুৱকজন কিছু সময় বহি থকাৰ পাচত হঠাৎ পৰি গুৰুতৰ ভাৱে আহত হয় ৷ প্ৰত্যক্ষদৰ্শী সকলে তৎক্ষণাৎ আহত যুৱক জনকডিফু অসামৰিক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত যুৱকজনক মৃত্যু হয় ৷ যুৱকজনৰ মৃত্যু অঘটন নে আত্মহত্যা সেয়া ৰহস্যৰ আৱৰ্তত ৷