অসম

assam

ETV Bharat / state

ডিফুত পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ মাণ্ডলিক সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

কাৰ্বি-আংলং-ডিমাহাচাওত মাণ্ডলিক সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৷ সভাত কেইবাটাও নতুন প্ৰস্তাৱ গ্ৰহণ ৷

মাণ্ডলিক সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
ডিফুত পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ মাণ্ডলিক সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

By

Published : Nov 8, 2021, 2:23 PM IST

ডিফু, 8 নৱেম্বৰ :সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ ষষ্ঠ অনুসূচীৰ এলেকাভূক্ত কাৰ্বি-আংলং আৰু ডিমা হাচাওৰ মাণ্ডলিক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন দেওবাৰে অনুষ্ঠিত হৈ যায় ৷ ডিফু পৌৰসভা কৰ্মচাৰী সন্থাৰ উদ্যোগত ৰবিনচন ক্ৰ'ৰ পৌৰোহিত্যত ডিফু পৌৰসভাৰ সভা কক্ষত অনুষ্ঠিত হোৱা সভাখনত মাণ্ডলিক সমিতি আৰু সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ বিষয়া সদস্যসকলৰ লগতে কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী পৰ্যৱেক্ষকে অংশ গ্ৰহণ কৰে ৷

ডিফুত পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ মাণ্ডলিক সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

উক্ত সভাত পৰ্যৱেক্ষকৰ লগতে মাণ্ডলিক সমিতিৰ কেইবাগৰাকী বিষয়া সদস্যই পৌৰ নিকায় কৰ্মচাৰীসকলৰ বিভিন্ন অভাৱ-অভিযোগবোৰ বিস্তৃতভাৱে আলোচনা কৰে ৷ দীৰ্ঘ আলোচনাৰ অন্তত সভাই দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি সেইবোৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰাবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে ৷ প্ৰস্তাৱসমূহ ক্ৰমে, ষ্ষ্ঠ অনুসূচীত এলেকাৰ পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ যোগেদি নিয়মীয়াকৰণ কৰা আৰু ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ লগতে বিটিএডি মাণ্ডলিক সমিতিক একত্ৰীকৰণ কৰি জইণ্ট একছন কমিটি গঠন কৰা ৷

সভাত পুৰণি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ডিমা হাচাও আৰু কাৰ্বি-আংলং মাণ্ডলিক সমিতি ভংগ কৰি ডিফু পৌৰসভাৰ জ্যেষ্ঠ অভিযন্তা নিপু চৰণ দত্তক উপদেষ্টা, সহকাৰী অভযন্তা প্ৰদীপ ৰংপিক সভাপতি, বোকাজান পৌৰ সভাৰ সহকাৰী অভিযন্তা গহীন শইকীয়াক সম্পাদক,বকলীয়াঘাট পৌৰ সভাৰ মদন বে'ক কাৰ্যকৰী সভাপতি আৰু হাফলং পৌৰ সভাৰ উপসভাপতি কৃষ্ণ ছেত্ৰী আৰু উমৰাংচ' পৌৰ সভাৰ দীপক শৰ্মাক সহকাৰী সম্পাদক হিচাপৈ লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় ৷

forming-a-new-committee-in-diphu

আগন্তুক বৰ্ষৰ ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনত প্ৰতিখন মণ্ডলৰ কৰ্মচাৰীৰ অভাৱ-অভিযোগবোৰ উত্থাপন কৰিবলৈ পৰ্যৱেক্ষক পাৰ্থ প্ৰতীম চক্ৰৱৰ্তী আৰু ডিফু পৌৰ সভাৰ ৰবিনচন টেৰণে সংবাদ মাধ্যমৰ আগত আহ্বান জনায় ৷ ৰবিনচন টেৰণে কয় যে, কাৰ্বি-আংলং আৰু ডিমা হাছাওৰ পৌৰকৰ্মী সকলে ৪৫ ৰ পৰা ৫৫ মাহলৈকে দৰমহা পোৱা নাছিল ৷

ভৈয়ামৰ পৌৰ নিকায় কৰ্মচাৰী সকলৰ দৰে ঘূৰ্ণীয়মান পুঁজিৰ জৰিয়তে পাহাৰৰ কৰ্মচাৰীসকলক দৰমহা দিয়া নহয় ৷ সেয়ে অতি সোনকালে এই সমস্যা সমাধান কৰি এইসকল কৰ্মচাৰীৰ নিযুক্তি চৰকাৰীকৰণ কৰিবলৈ দাবী জনায় ৷ উক্ত সভাত বিটিএডি পৌৰনিকায় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ও কেন্দ্ৰীয় সমিতিৰ পৰ্যৱেক্ষক চন্দ্ৰিকা শৰ্মা, বিটিএডি পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ উপ সভাপতি ধৰণী বৰ্মণ, বদৰপুৰ পৌৰ সভাৰ কেন্দ্ৰীয় পৰ্যৱেক্ষক পাৰ্থ প্ৰতীম চক্ৰৱৰ্তী আৰু কাৰ্বি আংলং জিলা সমিতিৰ উপ-সভাপতি হাৰচিং তিমুঙ উপস্থিত থাকে ৷

লগতে পঢ়ক :কলগাছিয়াত স্থানীয় লোকক ভাবুকি বালি মাফিয়াৰ

ABOUT THE AUTHOR

...view details