স্নাতকোত্তৰ পৰীক্ষাত সোণৰ পদকেৰে ডিফুলৈ গৌৰৱ কঢ়িয়ালে বন্দনা গগৈয়ে - MA EXAM
তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত অৱতীৰ্ণ হৈ বিশ্ববিদ্যালয় খনৰ প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত 'ক' + গ্ৰেড লৈ সোণৰ পদকৰ মৰ্যদাসহ উত্তীৰ্ণ হয় বন্দনা ৷
ডিফু, ১৬ জুন:- তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাহাৰীয়া জিলা কাৰ্বি-আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিফুৰ জীয়ৰী বন্দনা গগৈয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যয়নৰত বন্দনা গগৈয়ে ২০১৮- ১৯ বৰ্ষত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষাত অৱতীৰ্ণ হৈ বিশ্ববিদ্যালয় খনৰ প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত 'ক' + গ্ৰেড লৈ সোণৰ পদকৰ মৰ্যদাসহ উত্তীৰ্ণ হয় ৷ বন্দনা গগৈয়ে ডিফু ডনবস্ক' হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি ডিব্ৰুগড় ছল্ট ব্ৰুক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক আৰু গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ বন্দনা গগৈ ডিফু চহৰৰ ধৰমনালা নিবাসী পূৰ্ণানন্দ গগৈ আৰু টুলুমনি ৰাজকুমাৰী গগৈৰ কন্যা ৷ বন্দনা গগৈয়ে ভৱিষ্যতলৈ শিক্ষা বিভাগত পিএইছডি কৰাৰ লগতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনতে পুহি ৰাখিছে ৷ উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত হ’বলগীয়া সমাৱেশত বন্দনা গগৈক সোণৰ পদকেৰে সন্মানিত কৰিব বুলিও জানিব পৰা গৈছে ৷