অসম

assam

ETV Bharat / state

পাহাৰৰ পৰা ভৈয়ামলৈ বান সাহাৰ্য ! - কাৰ্বি আংলং

ভৈয়ামৰ জনতালৈ সহায়ৰ হাতত আগবঢ়ালে পাহাৰৰ জনতাই ৷ মুখ্যমন্ত্ৰীৰ বান সাহায্য পূঁজিলৈ কাৰ্বি-আংলং স্বায়ত্ত শাসিত পৰিষদ 6 লাখ 81 হাজাৰ টকাৰ চেক প্ৰদান ৷ ডিফুৰ নাগৰিক সমাজেও আগবঢ়ালে 2 লাখ টকাৰ সাহাৰ্য ৷

পাহাৰৰ পৰা ভৈয়ামলৈ বান সাহাৰ্য !

By

Published : Aug 1, 2019, 8:46 PM IST

ডিফু, 1 আগষ্ট: ৰাজ্যৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত সকললৈ সহায়ৰ হাত কাৰ্বি আংলঙৰ জনতাৰ ৷ বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদ, বৈঠালাংচ'ৰ বিধায়ক ডা : মানছিং ৰংপি আৰু ডিফুৰ বিভিন্ন সামাজিক সংগঠনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত চেক প্ৰদান কৰে ৷ কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত যোৱা এটা সজাতি দলে মুখ্যমন্ত্ৰীৰ হাতত ৬,81,১০৮ টকাৰ এখন চেক প্ৰদান কৰে ৷ দলটোত তুলিৰাম ৰংহাঙৰ সৈতে সংগ দিয়ে মন্ত্ৰী চুম ৰংহাং, বিধায়ক জয়ৰাম ইংলেং, কাৰ্যবাহী সদস্য লুংছিং টেৰণৰ লগতে আনকেইবাজনো নেতাই ৷ আনহাতে , কাৰ্বি আংলং মহিলা সমিতি, তাই সাংস্কৃতিক সমাজ , ডিফু কলা কেন্দ্ৰৰ লগতে অনান্য কেইবাটাও সংগঠনৰ উদ্যোগত বানাক্ৰান্ত সকলৰ বাবে সংগ্ৰহ কৰা 2 লাখ টকাৰ ধনো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰা হয় ৷ মুখ্যমন্ত্ৰীৰ হাতত ডিফুৰ নাগৰিক সমাজৰ হৈ মুকুল চন্দ্ৰ বৰুৱা , প্ৰাক্তন বিধায়ক বিদ্যাসিং ইংলেং , দিলীপ কুমাৰ দাস, ধনী কলিতা, সঞ্জু বৰা আৰু দীন গগৈয়ে এই ধন প্ৰদান কৰে ৷

পাহাৰৰ পৰা ভৈয়ামলৈ বান সাহাৰ্য !

উল্লেখ্য যে, পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চমু ৰংহাঙে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতত নিজৰ এমাহৰ দৰমহা প্ৰদান কৰিছে ৷ ধন গ্ৰহণৰ পাচতেই পাহাৰৰ জনতাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধন্যবাদ জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details