ডিফু,১৫ অক্টোবৰ: ডিফুৰ পৰা কৰ্মসূত্ৰে বদলি হোৱা উপায়ুক্ত দিবাকৰ নাথে (Ex DC of Karbi Anglang Dibakar Nath) শণিবাৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মাজত 'ইণ্ডিয়ান পলিটি' নামৰ কিতাপখন উপহাৰ হিচাপে আগবঢ়ায় ৷ এই উপলক্ষে আজি ডিফুস্থিত আৱৰ্ত ভৱনত আয়োজিত এক বিশেষ মত-বিনিময় অনুষ্ঠানত (student felicitated at Diphu) উপায়ুক্ত দিবাকৰ নাথে কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে বিষয়ে আলোচনা কৰে ৷
উপায়ুক্ত দিবাকৰ নাথে কয় যে বিগত সময়ত জিলাখনত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰাম বৰুৱা বঁটা (Anandaram Barua Award) প্ৰদানৰ সময়ত সেই সকল ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰীয় লোক সেৱা আয়োগৰ পাঠ্যক্ৰমত সহায়ক হোৱাকৈ গাইডলাইন আৰু বুনিয়াদী জ্ঞানৰ ব্যৱস্থা কৰা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল । সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই আজি সেই সকল ছাত্ৰ-ছাত্ৰীক লোকসেৱা পাঠ্যক্ৰমত সহায়ক হোৱাকৈ 'ইণ্ডিয়ান পলিটি' (Indian Polity) নামৰ কিতাপখন উপহাৰ হিচাপে প্ৰদান কৰা বুলি মন্তব্য কৰে বিদায়ী উপায়ুক্তগৰাকীয়ে ৷ আনহাতে ,উক্ত কাৰ্যত উপায়ুক্ত গৰাকীৰ সৈতে সহকাৰী উপায়ুক্ত গুঞ্জন শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি কয় ৷