ডিফু, ৩০ মাৰ্চ:ৰাজ্যজুৰি আৰক্ষীয়ে চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই থকাৰ পিচতো গা লৰা নাই একাংশ চোৰাং ব্যৱসায়ীৰ ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ কুখ্যাত সুৰা মাফিয়া অজয় ৰঞ্জন মহাৰাজক কাৰ্বি আংলং জিলা আৰক্ষীয়ে আটক কৰিছিল ৷ তাৰ পাচতেই অৰুণাচল প্ৰদেশৰ পৰা অসমৰ মাজেৰে অবৈধভাৱে সুৰাৰ সৰবৰাহ কিছু পৰিমাণে হ’লেও স্তিমিত হ’ব বুলি আশা প্ৰকাশ কৰিছিল আৰক্ষীয়ে (Illegal Arunachali liquor seized at Bokajan)৷ কিন্তু দিন বাগৰাৰ লগে লগে চোৰাং সুৰা সৰবৰাহ চক্ৰ অধিক শক্তিশালীহে হৈ উঠিছে ৷
মণিপুৰ আৰু নাগালেণ্ডত সুৰা নিষিদ্ধ কৰাৰ পিচতেই দুয়োখন ৰাজ্যত অবৈধভাৱে সুৰাৰ ৰমৰমীয়া বজাৰ গঢ় লৈ উঠিছে ৷ বজাৰত সুৰাৰ দৰ অত্যাধিক হোৱাৰ বাবেই অসাধু সুৰা ব্যৱসায়ীয়ে অসমতকৈ কম মূল্যত অৰুণাচলী সুৰা অসমৰ মাজেৰে মণিপুৰ-নাগালেণ্ডলৈ সৰবৰাহ কৰি ব্যাপক মুনাফা আদায় কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷
যোৱা ২৬ মাৰ্চ তাৰিখে বোকাজান মহকুমাৰ শান্তিপুৰ-বৰপথাৰ আৰক্ষীয়ে এখন চিমেণ্ট ভৰ্তি ট্ৰাকত অৰুণাচলী সুৰা ভৰাই অনা অৱস্থাত ট্ৰাকখন জব্দ কৰিছিল ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰ অৰ্থাৎ 30 মাৰ্চত বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে পুৱাই এক গোপন খবৰৰ ভিত্তিত খাকৰাজানত এক নিয়মীয়া নাকা তালাচী বহুৱায় ৷ আৰক্ষীৰ এই নাকা তালাচীত আৰক্ষীৰ দলটোৱে প্ৰতিখন বাহনতেই তালাচী চলায় ৷