ডিফু, ৩০ ডিচেম্বৰ :অসম চৰকাৰৰ অধীনৰ অনুমোদন প্ৰাপ্ত আৰু অসম সমবায় বিভাগৰ অধীনৰ বুলি প্ৰচাৰ চলাই বিগত বহু বছৰৰ পৰা গ্ৰাহকক ৰেকাৰিং ডিপজিটৰ জৰিয়তে লুণ্ঠন চলাই অহা এটা বিত্তীয় প্ৰতিষ্ঠানৰ চাৰিটা শাখা আৰু মাণ্ডলিক কাৰ্যালয়ত আজি তলা ওলমালে অসম সমবায় বিভাগে (Co-operation department Raid at Diphu)৷ ডিফু বজাৰত থকা অসম বহুমুখী সমবায় সমিতি (Asom Bahumukhi Samabai Samiti ltd) নামৰ বিত্তীয় প্ৰতিষ্ঠানটোত আজি অৰ্থাৎ শুকুৰবাৰে বিয়লি অভিযান চলাই কাৰ্বি আংলং জিলা সমবায় বিভাগে ৷
বিভাগটোৱে অভিযান চলাই ডিফুত থকা শাখাটোৰ লগতে ডিমা হাচাওৰ জিলা আৰু আন শাখাসমূহক নিয়ন্ত্ৰণ কৰা মাণ্ডলিক কাৰ্যালয়টো ছীল কৰে ৷ ইফালে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে জিলা সমবায় বিভাগৰ শীৰ্ষ বিষয়াই ৷ কেৱল পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা অসম বহুমূখী সমিতি লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়সমূহ ছীল কৰিবলৈ নিৰ্দেশ অহা বুলি জানিবলৈ দিয়ে কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে ৷
ইপিনে, ডিফু শাখাত প্ৰৱন্ধক ৰূপে কাৰ্যনিৰ্বাহ কৰা মিথুন পাল নামৰ যুৱকজনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, ‘‘এই সম্পৰ্কে মই অৱগত নহয় যদিও বাক্সা জিলাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিতে এই অভিযান চলিছে এইটো এটা বিত্তীয় প্ৰতিষ্ঠান ৷ এই প্ৰতিষ্ঠানটোৱে গ্ৰাহকক ৰেকাৰিং ডিপজিট খুলি দৈনিক ধন সংগ্ৰহ কৰে’’ ৷ লগতে ডিফুত দৈনিক প্ৰায় ডেৰ লাখ টকা সংগ্ৰহ হয় বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷