অসম

assam

ETV Bharat / state

Sankalp Satyagraha in Assam : কংগ্ৰেছ থকালৈকে দেশত অক্ষুণ্ণ থাকিব গণতন্ত্ৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজকলৈ ৰাজ্যৰ সৰ্বত্ৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ ৷ ডিফু,দৰং, শিৱসাগৰ, যোৰহাট, নলবাৰীত কংগ্ৰেছ কৰ্মীৰ লগতে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰে (Congress holds Sankalp Satyagraha in Assam) ৷

Congress holds Sankalp Satyagraha
ৰাজ্যৰ সৰ্বত্ৰে কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Mar 26, 2023, 10:43 PM IST

ৰাজ্যৰ সৰ্বত্ৰে কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক, ২৬ মাৰ্চ : গুজৰাটৰ চুৰট আদালতে ৰাহুল গান্ধীক মোদী সম্প্ৰদায়ৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বুলি দোষী সাব্যস্ত কৰাৰ পিছতে সদনত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাক লৈ দেশজুৰি কংগ্ৰেছ সমৰ্থক সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ বিৰুদ্ধে আজি সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন জিলাত কংগ্ৰেছ দলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিজেপি দলৰ স্বেচ্ছাচাৰী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ ডিফু, দৰং, শিৱসাগৰ, যোৰহাট, নলবাৰীত কংগ্ৰেছ কৰ্মীসকলৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Congress holds Sankalp Satyagraha in Assam) ৷

ৰাজ্যৰ সৰ্বত্ৰে কংগ্ৰেছৰ প্ৰতিবাদ

কাৰ্বি আংলং জিলা সমিতিয়ে ডিফু স্থিত কাৰ্যালয়ৰ সন্মূখত মহাত্মা গান্ধীৰ ফটোসহ সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন আদি হাততলৈ বিজেপি চৰকাৰ হায়, হায়, নৰেন্দ্ৰ মোদী ডাউন ডাউন, অমিত শ্বাহ ডাউন ডাউন, কংগ্ৰেছ লং লীভ, আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ বিশ্বৰ বৃহতম গণতন্ত্ৰ এতিয়া সংকটৰ মুখামুখি হৈছে বুলি ডিফু কংগ্ৰেছে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ ৰাষ্ট্ৰ সংঘতো ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিষয়টো উত্থাপন হৈছে বুলি উল্লেখ কৰে ডিফু কংগ্ৰেছে (Congress holds Sankalp Satyagraha at Karbi Anglong)

দৰং জিলাতো কংগ্ৰেছৰ দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয় সত্যগ্ৰহ কাৰ্যসূচীৰ ৷ ন্যায়ালয়ে পক্ষপাতিত্বমুলক ৰায় দিয়াৰ অভিযোগ তোলে দৰং জিলা কংগ্ৰেছে (Congress holds Sankalp Satyagraha at Darrang) ৷

ৰাজ্যৰ সৰ্বত্ৰে কংগ্ৰেছৰ প্ৰতিবাদ

নলবাৰীত জিলা কংগ্ৰেছৰ উদ্যোগত দিন জোৰা কাৰ্যসূচীৰে পালন কৰা হয় সংকল্প সত্যাগ্ৰহ । হাতে হাতে চৰকাৰ বিৰোধী প্লে’ কাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে । নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত সুধাকন্ঠ ড° ভূপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখত অনুষ্ঠিত কৰা হয় এই সংকল্প সত্যাগ্ৰহ আন্দোলন কাৰ্যসূচীৰ । কাৰ্যসূচীত জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, ব্লক কংগ্ৰেছ , মণ্ডল কংগ্ৰেছ , যুৱ কংগ্ৰেছ, এন এছ ইউ আই তথা ৰাইজৰ দলৰ লগতে চিপিআই এম তৃণমূল কংগ্ৰেছআদি দলে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে (Congress holds Sankalp Satyagraha at Nalbari) ৷

ৰাজ্যৰ সৰ্বত্ৰে কংগ্ৰেছৰ প্ৰতিবাদ

শিৱসাগৰত কংগ্ৰেছ দলৰ উদ্যোগত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ চক্ৰান্তমূলকভাৱে বিজেপি দলে খাৰিজ কৰাক লৈ শিৱসাগৰ জিলা কংগ্ৰেছ দলে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে । শিৱসাগৰ জিলা কংগ্ৰেছ দলৰ কাৰ্যালয়ত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল গান্ধীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে পোষণ কৰা ষড়যন্ত্ৰক তীব্ৰ গৰিহণা দি এইখন চৰকাৰক ফেচিষ্ট আখ্যা দিয়ে জিলা সভাপতি মঞ্জীৰ গগৈয়ে (Congress holds Sankalp Satyagraha at Sivasagar)।

উল্লেখযোগ্য যে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ ভাৰতৰ ৭০০ খন জিলাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী (Rahul Gandhi disqualification issue ) ৷

লগতে পঢ়ক :Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

For All Latest Updates

ABOUT THE AUTHOR

...view details