বোকাজান,২৪ জুনঃ দেওবাৰে নিশা এক দুৰ্বৃত্তৰ দলে গুলীয়াই হত্যা কৰে বোকাজানৰ প্ৰসিদ্ধ ব্যৱসায়ী মূল সিং ৰাথোড়ক । নিশা প্ৰায় ৯ মান বজাত ব্যৱসায়ীজনৰ ঘৰত প্ৰায় ৭ জনীয়া এটা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি প্ৰথমে ঘৰৰ সকলো লোককে আৱদ্ধ কৰি ঘৰৰ আলমাৰী সমূহৰ চাবি বিচাৰি ঘৰৰ লোকক শাৰীৰিক অত্যাচাৰ চলাই আৰু পৰৱৰ্তী সময়ত ভাঙি পেলাই ঘৰৰ সমূহ আলমাৰী। সেই সময়ত ব্যৱসায়ীজনৰ ঘৰত মূল সিং ৰাথোড়ৰ পত্নী,পুত্ৰ ,বোৱাৰী,নাতিৰ লগতে এজন কৰ্মচাৰী আছিল। তাৰ মাজতেই সুযোগ বুজি ব্যৱসায়ী জনৰ পুত্ৰই নিজৰ দেউতাকক সহায়ৰ বাবে ফোন কৰে আৰু দেউতাকে খবৰ পাই ঘৰৰ কাষতে থকা নিজৰ কাৰ্যালয়ৰ পৰা অনতিপলমে হাতত নিজৰ আত্মৰক্ষাৰ বাবে লোৱা পিষ্টলটো লৈ ঘৰলৈ দৌৰি আহে কিন্তু সেই সময়ত দুৰ্বৃত্তৰ দলটোৰে আন দুজনমান ৰৈ আছিল ঘৰৰ বাহিৰত আৰু ব্যৱসায়ীজনক ঘৰৰ অভিমুখে আহি থকা দেখি অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৰ এজনে AK-47 বন্দুকেৰে গুলীয়াই হত্যা কৰে।
দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত নিহত বোকাজানৰ সুৰা ব্যৱসায়ী
দেওবাৰে নিশা এক দুৰ্বৃত্তৰ দলে গুলিয়াই হত্যা কৰে মূল সিং ৰাথোড় নামৰ ব্য়ৱসায়ীজনক
দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত নিহত বোকাজানৰ সুৰা ব্যৱসায়ী
এই ঘটনাৰ পিচতে আধা ঘণ্টাৰ ভিতৰতে লক্ষাধিক টকা আৰু আ-অলংকাৰ সমূহ লৈ পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। দুৰ্বৃত্তৰ দলটো তাৰ পৰা গুচি যোৱাৰ পাছতে ব্যৱসায়ীজনৰ পুত্ৰই দেউতাকক ডিমাপুৰৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে এই সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে বোকাজান আৰক্ষীয়ে।
Last Updated : Jun 24, 2019, 1:37 PM IST