ডিফু, ২৭ আগষ্ট: কৰ'ণা মহামাৰীৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে । পৰিয়াল পোহপাল দিব নোৱাৰি হাহাকাৰ কৰিছে বহু লোকে । এনে সময়তে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে পুনৰ সমস্যাত পেলাইছে ৰাজ্যবাসীক । চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি ইতিমধ্যে বিৰোধী দল আৰু জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ।
বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাতো সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । হাওৰাঘাট আৰু পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাই যুটীয়াভাৱে হাওৰাঘাট মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে, বোকাজান আৰু সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাই সন্মিলিতভাৱে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত দিনৰ ১২ বজাৰ পৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।