১১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিবেশন । অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই সদনত দাখিল কৰিব আগন্তুক তিনি মাহৰ লেখানুদান ।
চামগুৰিৰ ৰঙাগড়াত টাটা ম'বাইলৰ এখন মিনি ট্ৰাক আৰু ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত আহত হয় দুজন লোক ৷ আহত লোক দুজনক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷
মাৰ্ঘেৰিটাৰ জাগুন জাগৰি বনগাঁৱত বন্যহস্তীৰ আক্ৰমণ ৷ বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ ৷
অসম-মিজোৰাম সীমান্তৰ কচুৰতলত উত্তপ্ত পৰিস্থিতি ৷ মিজো দুৰ্বৃত্তই জ্বলাই দিলে ৫৪ টা বাসগৃহ ৷
উত্তৰাখণ্ডৰ চামোলিত সংঘটিত হোৱা হিমবাহ বিস্ফোৰণে লৈছে ভয়ংকৰ ৰূপ ৷ মংগলবাৰে ইটিভি ইণ্ডিয়াৰ দ্ধাৰা প্ৰকাশিত হয় এটা ভিডিঅ' ৷ য'ত যোশীমঠৰ ওচৰৰ তপোবনৰ এনটিপিচি বান্ধত কাম কৰা শ্ৰমিক সকল বানত উটি যোৱাৰ এক ভিডিঅ' ভাইৰেল হৈছে ৷
ধেমাজিত শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ৷ ইকৰা আৰু টিনৰ বেৰৰ কোঠাত মানৱ সম্পদ গঢ়া কচৰৎ এজাক শিক্ষাৰ্থীৰ ৷ শূণ্য আন্তঃগাঁঠনি, প্ৰসাৱগাৰ-শৌচালয়ৰ লগতে নাই খোৱা পানীৰ সুব্যৱস্থা নথকা এক প্ৰকাৰ জৰাজীৰ্ণ বাঁহৰ বেৰ আৰু টিনৰ বেৰৰ জলঙাইদি পোহৰ পৰে শ্ৰেণীকোঠাত ৷ তাৰ পাচতো 4 নং টেকজুৰি বিষ্ণুপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়খনৰ প্ৰতি কোনো গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ ৷
মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ তত্বাৱধানত অনুষ্ঠিত হোৱা আৰু প্ৰায় কেইবা সহস্ৰাধিক বিজেপি কৰ্মী আৰু সমৰ্থক উপস্থিত থকা পৃষ্ঠা প্ৰমূখ সন্মিলনখনত প্ৰথমবাৰৰ বাবে মূখ্য অতিথি হিচাপে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকে ।
আমিনগাঁৱত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গাহৰি ভৰ্তি এখন ট্ৰাক বাগৰি পৰে দ-খাৱৈত ৷ এজন চাইকেল আৰোহীক ৰক্ষা কৰিবলৈ যাওতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷
অসম চৰকাৰে 30 হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰি আলোড়নৰ সৃষ্টি কৰাৰ সময়তে মাৰ্ঘেৰিটাৰ এখন বিদ্যালয়ত দেখা গৈছে বিপৰীত ছবি ৷ বিদ্যালয় প্ৰাদেশীকৰণ হোৱাটো বাদেই, 1999 চনত স্থাপন হোৱা বিদ্যালয়খনত নাই কোনো চৰকাৰী গৃহৰ সুব্যৱস্থা ৷
পথাৰো আমাৰ, বজাৰো আমাৰ' এই শ্ল'গানৰে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ কৃষকসকল স্বাৱলম্বী কৰিবৰ বাবে ৰাজ্য চৰকাৰে উন্নত জাতৰ আলুৰ বীজ প্ৰদান কৰিছিল কৃষক সকলক । কিন্তু ভাৰতীয় তেল নিগম চমুকৈ 'অইল' কৰ্তৃপক্ষৰ কোপদৃষ্টি পৰিল কলিয়াবৰৰ বৰালীগাঁৱৰ এই কৃষকসকলৰ ওপৰত ।