হাজোৰ সমাজ কল্যাণ বিভাগত নিযুক্তি কেলেংকাৰীৰ অভিযোগ
চিকিৎসাধীন অৱস্থাত থকা কৰ্মীক বঞ্চিত কৰি হাজোৰ সমাজ কল্যাণ বিভাগত অবৈধ নিযুক্তিৰ অভিযোগ। নীতি বৰ্হিভূতভাৱে টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ CDPO কানন তালুকদাৰ আৰু কৰ্মচাৰী চিৰাজুদ্দিন শ্বেইখৰ বিৰুদ্ধে ।
সমাজ কল্যাণ বিভাগত নিযুক্তি কেলেংকাৰীৰ অভিযোগ
হাজো, 27 মে': হাজোৰ সমাজ কল্যাণ বিভাগত ভয়াৱহ নিযুক্তি কেলেংকাৰী। নীতি বৰ্হিভূতভাৱে টকাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ CDPO কানন তালুকদাৰ আৰু কৰ্মচাৰী চিৰাজুদ্দিন শ্বেইখৰ বিৰুদ্ধে । 1991 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই গৰোবৰিৰ অংগণবাড়ী কেন্দ্ৰত কাম কৰি অহা হাজোৰ চুৰমা খাতুন নামৰ মহিলাগৰাকীয়ে চিকিৎসাধীন হৈ থকাৰ সুযোগ লৈ টকাৰ বিনিময়ত কৰ্মী গৰাকীৰ ঠাইত আন মহিলাক নিযুক্তি দিয়াৰ অভিযোগ CDPOৰ বিৰুদ্ধে ৷