অসম

assam

ETV Bharat / state

আৰক্ষী বিষয়াৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিলে ভৱন

ছমৰীয়া আৰক্ষী চকীৰ নৱ নিৰ্মিত ভৱন উদ্ধোধন ৷ উদ্ধোধন কৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই ৷ ছমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম্ব্ৰাৱেল দৈমাৰীৰ নিজাববীয়া প্ৰচেষ্টাত নিৰ্মাণ কৰা ভৱনটোৰ শুভ উদ্ধোধন কৰি আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই কয় যে,ছমৰীয়া আৰক্ষী চকীখন পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানালৈ পৰিৱৰ্তন কৰিবলৈ ইতিমধ্যে আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষ তথা চৰকাৰলৈ প্ৰস্তাৱ পঠোৱা হৈছে ৷ অতি শীঘ্ৰে ছমৰীয়া আৰক্ষী চকীখন ৰাইজে পূৰ্ণ পৰ্যায়ৰ থানা হিচাপে দেখা পাব ৷

আৰক্ষী বিষয়াৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিলে ভৱন

By

Published : Sep 12, 2019, 11:00 AM IST

Updated : Sep 13, 2019, 4:44 PM IST

বকো,12 চেপ্তেম্বৰঃ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়া আৰক্ষী চকীৰ বুধবাৰে এটি নৱ নিৰ্মিত ভৱন উদ্ধোধন কৰে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই ৷ ছমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম্ব্ৰাৱেল দৈমাৰীৰ নিজাববীয়া প্ৰচেষ্টাত নিৰ্মাণ কৰা ভৱনটোৰ শুভ উদ্ধোধন কৰি আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই কয় যে, ছমৰীয়া আৰক্ষী চকীখন পূৰ্ণপৰ্যায়ৰ আৰক্ষী থানালৈ পৰিৱৰ্তন কৰিবলৈ ইতিমধ্যে আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষ তথা চৰকাৰলৈ প্ৰস্তাৱ পঠোৱা হৈছে ৷ অতি শীঘ্ৰে ছমৰীয়া আৰক্ষী চকীখন ৰাইজে পূৰ্ণ পৰ্যায়ৰ থানা হিচাপে দেখা পাব ৷ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে ছমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম্ব্ৰাৱেল দৈমাৰীৰ এই প্ৰচেষ্টাক শলাগ লয় আৰু কয় যে, আৰক্ষী আৰু ৰাইজৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টা সদাই থাকিব লাগে আৰু ছমৰীয়া ৰাইজৰ সহায় সহযোগ অবিহনে এই কাম সম্ভৱ নহ'লহেতেন বুলি উল্লেখ কৰি এই কামে ৰাইজ আৰু আৰক্ষীৰ সম্পৰ্কৰ নিদৰ্শন দাঙি ধৰে ৷

আৰক্ষী বিষয়াৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিলে ভৱন

ছমৰীয়া আৰক্ষী চকী পৰিচালনা সমিতিৰ সভাপতি দীননাথ কলিতাৰ সভাপতিত্বত অনুষ্টুপীয়াকৈ অনুষ্ঠিত সভাখনত অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই কয় যে,ছমৰীয়া আৰক্ষী চকী খন স্থায়ী নহয় ৷ এই সন্দৰ্ভত প্ৰস্তাৱ পঠোৱা আছে ৷ লগতে তেওঁ ছমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম্ব্ৰাৱেল দৈমাৰীৰ প্ৰচেষ্টাত নৱ নিৰ্মিত ভৱনটোক লৈ শলাগ লয় ৷ ছমৰীয়া সত্ৰ পৰিচলনা সমিতিৰ সভাপতি নৰদেৱ মহন্তই অঞ্চলটো স্পৰ্শকাতৰ বুলি উল্লেখ কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষক গৰাকীক ছমৰীয়া পহৰা চকীখন পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানালৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনায় ৷ সভাত শিক্ষক তথা সমাজ সেৱক ত্ৰৈলোক্য কলিতাই পিছপৰা অঞ্চল ছমৰীয়া সত্ৰবাসী ৰাইজে বহু চেষ্টা কৰাৰ পিছতো ছমৰীয়া আৰক্ষী চকীখন পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানা হৈ নুঠিল ৷ ইয়াৰ আন্তঃগাঁথনিও ভাল নহয় ৷ আৰক্ষী থাকিবলৈ ঠাই নাই ৷ বৰষুণ দিলে ঘৰৰ ভিতৰত পানী সোমাই ৷ আৰক্ষীৰে যদি নিৰাপত্তা নাথাকে তেতিয়াহলে ৰাইজৰ সুৰক্ষা অসম্ভৱ ৷ সত্ৰৰ তৰফৰ পৰা চাৰি বিঘা মাটিও দিয়া হৈছে ৷ সেয়ে সোনকালে পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানালৈ ৰূপান্তৰ কৰিবৱলৈ তেওঁ দাবী জনায় ৷ সভাৰ অন্তত ছমৰীয়া আৰক্ষী চকীৰ পৰিচালনা কমিটীৰ সভাপতি দীননাথ কলিতাই এই দিনটো সকলোৰে বাবে স্মৰণীয় দিন বুলি উল্লেখ কৰি কয় যে,পহৰা চকীখন পূৰ্ণ পৰ্যায়ৰ আৰক্ষী থানা হ'ব বুলি আশা ৰাখিছে ৷

Last Updated : Sep 13, 2019, 4:44 PM IST

ABOUT THE AUTHOR

...view details