অসম

assam

By

Published : Jul 27, 2019, 10:51 PM IST

ETV Bharat / state

ৰাইজৰ ক্ষোভঃ উটুৱাই দিলে বিধায়ক সত্যব্ৰত কলিতাৰ প্ৰতিমূৰ্তি

ৰঙিয়াৰ সমীপৱৰ্তী ইউছুফ নগৰৰ ৰাইজে সাব্যস্ত কৰিলে ব্যতিক্ৰমী প্ৰতিবাদ ৷ বহুদিন ধৰি অঞ্চলটোৰ কাষেদি বৈ যোৱা বৰলীয়া নদীয়ে সৃষ্টি কৰি প্ৰৱল গৰাখহনীয়া ৰোধৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ তথা সমষ্টিৰ বিধায়কক অনুৰোধ কৰাৰ পাছতো কোনো সুফল নোপোৱাত ৰাইজে বিধায়কজনৰ প্ৰতিমূৰ্তি সাজি বৰলীয়া নৈত উটুৱাই দিয়ে ৷

ৰাইজৰ অভিনৱ প্ৰতিবাদ: উটুৱাই দিলে বিধায়ক সত্যব্ৰত কলিতাৰ প্ৰতিমূৰ্তি

ৰঙিয়া, 27 জুলাইঃ ৰঙিয়াৰ নিকটৱৰ্তী ইউছুফ নগৰৰ ৰাইজৰ ৰোষত এইবাৰ গণ পৰিষদৰ বিধায়ক সত্যব্ৰত কলিতা ৷ বৰলীয়া নৈৰ বান আৰু খহনীয়াত দীৰ্ঘদিন সৰ্বস্বান্ত তথা পীড়িত অঞ্চলটোৰ ৰাইজে বহুবাৰ সমস্যা সমাধানৰ বাবে অফিচে-পোহাৰে তাদবাতী দিয়াৰ পাছতো কোনো গা-নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ ৷ আনহে নালাগে ৰাইজৰ দুৰ্দিনত মাত এষাৰ দিবলৈও আহৰি নাপালে সমষ্টিটোৰ এ.জি.পি ৰ বিধায়ক সত্যব্ৰত কলিতাই ৷ সেই কথাতেই দীৰ্ঘদিন বঞ্চিত তথা উপেক্ষিত অঞ্চলৰ ৰাইজে সাব্যস্ত কৰিলে এক ব্যতিক্ৰমী প্ৰতিবাদ ৷ ৰাইজে নিজ প্ৰচেষ্টাত ডাঙৰ গছৰ ডাল আৰু জিঅবেগৰ সহায়ত নদীৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা হাতত লোৱা দেখা যায় লগতে ৰাইজে কলৰ ভূৰ সাজি বিধায়কজনৰ প্ৰতিমূৰ্তি বৰলীয়াত উটুৱাই দি ক্ষোভ উজাৰে ৷ তদুপৰি ৰাইজে বিধায়ক সত্যব্ৰত কলিতাক বিধায়ক হিচাপে নালাগে বুলি উল্লেখ কৰাৰ লগতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাহে অঞ্চলটোৰ বিধায়ক হ'বৰ বাবে অধিক যোগ্য বিবেচিত হ'ব বুলি মতপোষণ কৰিছে ৷ ৰাইজে অঞ্চলটো কমলপুৰ সমষ্টিৰ পৰা আঁতৰাই আনি ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

ৰাইজৰ অভিনৱ প্ৰতিবাদ: উটুৱাই দিলে বিধায়ক সত্যব্ৰত কলিতাৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details