ৰঙিয়া,14 মাৰ্চ:ৰাইজৰ দল আচলতে ৰাইজৰ দল নহয়, চোৰৰহে দল । সেয়েহে তেওঁলোকে সকলোতে চোৰেই দেখা পায় ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতিৰ যি অভিযোগ কৰিছিল, তাৰ প্ৰত্যুত্তৰ দি ভৱেশ কলিতাই এনেদৰে মন্তব্য কৰা দেখা যায় । বগৰীবাৰীৰ মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে হৰেশ্বৰ বৰ্মনে দিয়া মন্তব্য উত্তৰ দিবলৈ গৈ, মন্ত্ৰী ভৱেশ কলিতাই হৰেশ্বৰ বৰ্মনৰ এছডিআৰএফৰ বিষয়ে থকা জ্ঞানৰ ওপৰত সন্দেহ প্ৰকাশ কৰে ।
ৰাইজৰ দল আচলতে চোৰৰ হে দল: ভৱেশ কলিতা
বগৰীবাৰীৰ মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে হৰেশ্বৰ বৰ্মণে দিয়া মন্তব্য উত্তৰ দিবলৈ গৈ, মন্ত্ৰী ভবেশ কলিতাই হৰেশ্বৰ বৰ্মণৰ এছডিআৰএফৰ বিষয়ে থকা জ্ঞানৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।
ৰাইজৰ দল আচলতে ৰাইজৰ দল নহয়, চোৰৰ হে দল: ভবেশ কলিতা
আনহাতে, মহাজোঁটৰ ৰঙিয়াৰ প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰক মন্ত্ৰী ভৱেশ কলিতাই প্ৰত্যাহ্বান জনাই ভাদ মাহত একেলগে বৰলীয়া নৈ সাঁতুৰিবলৈ । মহাজোঁটৰ প্ৰাৰ্থী গৰাকীক কটু মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে প্ৰশ্ন কৰে যে, কৰ'ণা মহামাৰীৰ সময়ত ডাঃ ভগবান দেৱ মিশ্ৰ ৰঙিয়াত কিয় নাছিল ।
লগতে পঢ়কঃ জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিলে যোগেন্দ্ৰ যাদৱে