গুৱাহাটী, ২ মাৰ্চঃৰাজ্যৰ চৌদিশে এতিয়া চুলাই ঘাটি বন্ধৰ বিৰুদ্ধে প্ৰতিবাদ । বাইহাটা চাৰিআলিতো দেখা গ'ল অনুৰূপ দৃশ্য। বাইহাটা চাৰিআলিত শনিবাৰে শ শ পুৰুষ মহিলাই হাতে হাতে প্লে' কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহি চুলাই ঘাটি বন্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
বাইহাটাত চুলাই ঘাটি বন্ধৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰক্ষালন আৰু মহিলা অভিযোগ নিৰাময় কোষৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰক্ষালন আৰু মহিলা অভিযোগ নিৰাময় কোষৰ উদ্যোগত বাইহাটা চাৰিআলিৰ বৈশ্য চুবুৰীৰ পৰা থানালৈ শ শ পুৰুষ মহিলাই প্ৰতিবাদী সমদল উলিয়াই । চুলাই মদ বন্ধ কৰক, ধাবাত মদ নচলিব, তীৰ খেল বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদী দলটোৱে বাইহাটাৰ আকাশ বতাহ কঁপাই তোলে । ইয়াৰ ওপৰিও প্ৰতিবাদী দলটোৱে পদব্ৰজে সমদলেৰে আহি বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । ইপিনে যদি ১৫ দিনৰ ভিতৰত মদ, জুৱা, তীৰ আদি বন্ধ নহয় তেনেহ'লে বাইহাটা চাৰিআলিৰ প্ৰৱেশ দ্বাৰত অৱস্থান ধৰ্মঘট কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী দলটোৱে।